গুৱাহাটী,22 জুনঃ ক'ভিড কেন্দ্ৰীক ভয়াৱহ পৰিস্থিতিৰ মাজতে দুষ্ট চক্ৰই চলাই গৈছে দেশী-বিদেশী সুৰাৰ অবৈধ বেহা । ইয়াৰ বিপৰীতে অসম আৰক্ষী (Assam Police)য়ে চলাই গৈছে তীব্ৰতৰ অভিযান ৷ ইফালে আৰক্ষী অধীক্ষক সকলৰ নেতৃত্বত চলা অভিযানত বিভিন্ন জিলাৰ পৰা কোটি -কোটি টকাৰ ড্ৰাগছ (Drugs)জব্দ কৰাৰ লগতে আৰক্ষীৰ জালত পৰিছে বহুকেইজন ড্ৰাগছ (Drugs) মাফিয়া ৷
সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো (Guwahati City) ড্ৰাগছ সৰবৰাহৰ তথা অবৈধ দেশী-বিদেশী সুৰাৰ বিৰুদ্ধে আৰক্ষী আৰু আৱকাৰী বিভাগেও (Excise Department) চলাই গৈছে এটাৰ পিচত আন এটা অভিযান ৷ এনে অবৈধ বেহা বন্ধ কৰিবলৈ আৱকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাসৰ নেতৃত্বত গুৱাহাটী সদৰ আৱকাৰীৰ এটা দলে গুৱাহাটী (Guwahati) মহানগৰীৰ ফটাশিল আমবাৰী আৰু আমিনগাঁও বজাৰত এক অভিযান চলায় ।
উক্ত অভিযানটোত আৱকাৰী বিভাগ (Excise)ৰ সূত্ৰই সদৰি কৰা তথ্য অনুসৰি ফটাশিল আমবাৰীৰ হৰিজন কলনীত চলোৱা অভিযানত প্ৰায় 50 লিটাৰ চুলাই জব্দ কৰে । একেদৰে আমিনগাঁও বজাৰতো 22 কার্টুন বিভিন্ন ব্ৰেণ্ডৰ বিদেশী সুৰা আৰু বিয়েৰ জব্দ কৰে অভিযানকাৰী দলটোৱে।