অসম

assam

ETV Bharat / crime

বগা-টেকেলি আলহী হ'ল বিজয়নগৰ আৰক্ষী চকীৰ - murder

দীৰ্ঘদিন ধৰি আৰক্ষীৰ লগতে ৰাইজৰো নিদ্ৰা হৰণ কৰিছিল বগা-টেকেলিয়ে ৷ ৰাইজৰ বাবে বগা-টেকেলি আছিল আতংক আৰু আৰক্ষীৰ বাবে আছিল মূৰৰ কামোৰণি ৷ কি কৰা নাছিল বগা-টেকেলিয়ে ৷ কিন্তু সোমবাৰে নিশা বগা-টেকেলিক জালত পেলালে আৰক্ষীয়ে ৷

two most wanted criminal boga and tekeli arrested
বগা-টেকেলি আলহী হ'ল বিজয়নগৰ আৰক্ষী চকীৰ

By

Published : Aug 4, 2021, 4:10 PM IST

ছয়গাঁও, 4 আগষ্ট : অৱশেষত আৰক্ষীৰ জালত পৰিল বগা আৰু টেকেলি । সোমবাৰে নিশা অসম আৰক্ষীৰ এক দলে গোপন সূত্ৰৰ ভিত্তিত অভিযানত চলাই বকোৰ সোণতলীৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হয় বহু দিনৰ পৰা দক্ষিণ কামৰূপ বাসীৰ নিদ্ৰা হৰণ কৰা বগা আৰু টেকেলিক ।

চুৰি-ডকাইতিকে ধৰি বিভিন্ন অপৰাধজনিত কাৰ্যৰে জড়িত এই দুই অপৰাধীয়ে ১ আগষ্টৰ দুপৰীয়া এখন নম্বৰ প্লেট বিহীন মটৰ চাইকেলেৰে আহি অসম ষ্ট’ৰ নামৰ দোকানখনত প্ৰৱেশ কৰে আৰু দোকানৰ স্বত্বাধিকাৰী পৱন কুমাৰ আগৰৱালাক আক্ৰমণ কৰে । ফলত গুৰুতৰভাৱে আহত হয় পৱন কুমাৰ আগৰৱালা ৷

পৰৱৰ্তী সময়ত ব্যৱসায়ী জনৰ চিঞৰ-বাখৰ শুনি অঞ্চলটোৰ ৰাইজ উপস্থিত হোৱাত মটৰ চাইকেল এৰি পলায়ন কৰে দুই ডকাইত ৷

বগা আৰু টেকেলিৰ পৰা জব্দ কৰা অস্ত্ৰ

লগতে পঢ়ক :পোন্ধৰ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল কৃষি বিষয়া জ্যোতিৰেখা দাস

তাৰ পাচতেই আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত চলোৱা এক অভিযানত ঘটনাৰ লগত জড়িত তফিকুল আলি ওৰফে টেকেলি আৰু আনোৱাৰ হুছেইন ওৰফে বগাক সোণতলীৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হয় ।

সোমবাৰে নিশা ঘটনাৰ লগত জড়িত বিজয়নগৰ হালীগাঁৱৰ তফিকুল আলি ওৰফে টেকেলিক ঘৰৰ পৰা আৰু আনোৱাৰ হুছেইন ওৰফে বগাক । বগাৰ পৰা নটা সজীব গুলীসহ এটা জাপানত নিৰ্মিত পিষ্টলো উদ্ধাৰ কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক :Facebook-ত পুলিচৰ সৈতে চিনাকি হৈ ক’ত গ’ল দুই সন্তানৰ মাতৃ জানমণি ?

আৰক্ষীৰ মতে বগা আৰু টেকেলি একাধিক চুৰি, ডকাইতি আৰু হত্যাৰ গোচৰত অভিযুক্ত । দুয়োজনেই এতিয়া বিজয়নগৰ আৰক্ষী চকীৰ আলহী ।

উল্লেখ্য যে, এই বিজয়নগৰতেই প্ৰায় দুবছৰ পূৰ্বে শান্তিলাল জৈন নামৰ এগৰাকী ব্যৱসায়ীক আটকাধীন এই বগাই গুলীয়াই হত্যা কৰিছিল । জানিব পৰা মতে, একাধিক গাড়ী চুৰি আৰু হত্যাৰ গোচৰত অভিযুক্ত কুখ্যাৎ অপৰাধী বগাৰ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতেই আছে এক ক’লা সাম্ৰাজ্য ৷

লগতে পঢ়ক :বাহনত 'Press'লিখি দলিল বিক্ৰীৰ বেহা

ABOUT THE AUTHOR

...view details