অসম

assam

ETV Bharat / crime

ধুবুৰী আৰক্ষীৰ জালত দুই জালনোট সৰবৰাহকাৰী

ধুবুৰী আৰক্ষীৰ জালত পৰিল ১৩,৫০০ টকাৰ ভাৰতীয় জালনোট সহ দুই যুৱক ৷ ধৃত যুৱক দুগৰাকীৰ নাম শহিদৰ ৰহমান আৰু চুলতান মামুদ । প্ৰাথমিক তদন্তত দুয়োগৰাকী যুৱক জাল নোট সৰবৰাহ চক্ৰৰ লগত জড়িত বুলি প্ৰকাশ কৰিছে ধুবুৰী আৰক্ষীয়ে ।

two-fake-currency-paddler-arrested-in-dhuburi
ধুবুৰী আৰক্ষীৰ জালত দুই জাল নোট সৰবৰাহকাৰী

By

Published : May 4, 2021, 9:38 PM IST

ধুবুৰী,4 মে':নামনি অসমৰ ভাৰত-বাংলা সীমান্তৱৰ্তী ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাত খোপনি পুতিছে বাংলাদেশৰ নিউ জেএমবি আৰু আন ৰাষ্ট্ৰ বিৰোধী চক্ৰই । তেনেই কিছু প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলত । সীমান্তৱৰ্তী সহজ সৰল লোকসকলক ধনৰ লোভ দেখুৱাই বাংলাদেশৰ ৰাষ্ট্ৰ বিৰোধী চক্ৰই কৰি গৈছে বিভিন্ন ব্লুপ্ৰিণ্ট । কেইদিনমান পূৰ্বে ধুবুৰী আৰক্ষীৰ জালত পৰিছিল নিউ জেএমবিৰ সদস্য দুই ভাতৃ মজিবৰ আৰু ফয়জাৰ আলী ।

ধুবুৰী আৰক্ষীৰ জালত দুই জাল নোট সৰবৰাহকাৰী

নিউ জেএমবিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সময়তে এইবাৰ ধুবুৰী আৰক্ষীৰ জালত পৰিল ভাৰতীয় জালনোট সৰবৰাহকাৰী দুই যুৱক । আৰক্ষীৰ সন্দেহ বাংলাদেশৰ ৰাষ্ট্ৰ বিৰোধী বিভিন্ন চক্ৰৰ সৈতে থাকিব পাৰে এইসকল লোকৰ সম্পৰ্ক । বাংলাদেশৰ পৰা পৰিচালনা কৰা এটা বৃহৎ ৰাষ্ট্ৰ বিৰোধী নেটৱৰ্কে সীমামূৰীয়া জিলা দুখনত দীর্ঘদিনৰে পৰা অব্যাহত ৰাখিছে জালনোটৰ ৰমৰমীয়া বেহা । তেনে প্ৰেক্ষাপটত ধুবুৰী আৰক্ষীৰ জালত পৰিল ১৩,৫০০ টকাৰ ভাৰতীয় জালনোট সহ দুই যুৱক । প্ৰাথমিক তদন্তত দুয়োগৰাকী জালনোট সৰবৰাহ কৰি চক্ৰৰ লগত জড়িত বুলি স্পষ্ট কৰিছে ধুবুৰী আৰক্ষীয়ে ।

ধৃত যুৱক দুগৰাকীৰ নাম শহিদৰ ৰহমান আৰু চুলতান মামুদ । দুয়োগৰাকীৰ ঘৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুকচাৰ থানাৰ অন্তৰ্গত বাংলাদেশ সীমান্তৰ নিলোখিয়া আৰু চালাপৰা গাঁৱত । বৃহৎ সংখ্যক ভাৰতীয় জালনোট লৈ শহিদুৰ ৰহমান নামৰ সৰবৰাহকাৰীয়ে বেংকত জমা দিবলৈ আহিছিল । শহিদুৰ ৰহমানৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই সুখচৰৰ পৰা গ্ৰেপ্তাৰ কৰে চুলতান মামুদ নামৰ আন এজনক ৷ অৱশ্যে শীঘ্ৰে আন কেইবাজনো আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :পৰ্যটকৰ বাবে বন্ধ মানাহ ৰাষ্ট্ৰীয় উদ্যান

ABOUT THE AUTHOR

...view details