অসম

assam

ETV Bharat / crime

নগাঁৱত আৰক্ষীৰ জালত মহিলা সহ দুই ভুৱা আৰক্ষী - নগাঁও জিলা

নগাঁৱত আৰক্ষী (Nagaon police)ৰ জালত পৰে পুৰণিগুদাম চলচলিৰ এগৰাকী মহিলা সহ দুই ভুৱা আৰক্ষী। ধৃত লোক দুজনে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ বিশেষ শাখাত কৰ্মৰত বুলি পৰিচয় দি জিলাখনত বহু অপৰাধমূলক কাৰ্যত জড়িত আছিল বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে ৷

two Fack police Arrested By Police At Nagaon district
নগাঁৱত আৰক্ষীৰ জালত মহিলা সহ দুই ভুৱা আৰক্ষী

By

Published : Jun 22, 2021, 1:07 PM IST

নগাঁও,22 জুন: সমগ্ৰ ৰাজ্যতেই অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষী (ASSAM POLICE)য়ে ৷ আৰক্ষীৰ অভিযানত ইতিমধ্যে ৰাজ্যত কোটি কোটি টকাৰ ড্ৰাগছ (Drugs Seized) জব্দ কৰাৰ লগতে আটক হৈছে বহু ড্ৰাগছ মাফিয়া ৷ সমান্তৰালকৈ নগাঁও জিলাতো আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই চলাই গৈছে ইটোৰ পিছত সিটো অভিযান ৷ আৰক্ষীৰ অভিযানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে ড্ৰাগছ মাফিয়া, অবৈধ সুৰা সৰবৰাহকাৰীৰ গ্ৰেপ্তাৰ কৰাৰ লগতে উচ্ছেদ কৰিছে বহু অবৈধ চুলাই মদৰ ঘাটি ৷

সমান্তৰালকৈ নগাঁও জিলা (Nagaon District)ৰ পুৰণিগুদাম চলচলিট সোমবাৰে আৰক্ষীয়ে চলোৱা এটা অভিযানত পুনৰ আন দুজন ভুৱা আৰক্ষী (Fake Police) গ্ৰেপ্তাৰ কৰে ৷ ধৃতলোক কেইজন হৈছে বঢ়মপুৰ আদৰ্শ গাঁৱৰ ৰাজীৱ বৰদলৈ আৰু চলচলি মুছলিম গাঁৱৰ ইবটিছাম আহমেদ ৷ সম্পৰ্কত ধৃত দুয়ো পতি-পত্নী বুলি জানিব পৰা গৈছে ৷ ধৃত ৰাজীৱ বৰদলৈ আৰু ইবটিছাম আহমেদে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ বিশেষ শাখাত কৰ্মৰত বুলি পৰিচয় দি দীৰ্ঘ দিনৰে পৰা জিলা খনত বহু লোকক প্ৰৱঞ্চনা কৰি লুটি আহিছিল ধন ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে আৰক্ষীয়ে আটক কৰা এগৰাকী আচামীক জেলৰ পৰা মোকলাই দিয়াৰ নামত ধৃত ৰাজীৱ বৰদলৈ আৰু ইবটিছাম আহমেদে দাবী কৰিছিল 50 হাজাৰ টকা ৷ ইয়াৰ পিছতে সমগ্ৰ ঘটনাটো উল্লেখ কৰি লোক দুগৰাকীৰ বিৰুদ্ধে আচামিৰ আত্মীয় এগৰাকী মহিলাই আৰক্ষীক (Nagon Police)ৰ কাষ চাপি ৰুজু কৰিলে এটা গোচৰ ৷

উক্ত গোচৰৰ ভিত্তিত সোমবাৰে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ (Arrested)কৰে এই দম্পতিক ৷ ইয়াৰ পূৰ্বেও বহু কেইটা অপৰাধজনিত গোচৰত অভিযুক্ত ধৃত ৰাজীৱ বৰদলৈ জড়িত বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে । অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ তদন্তৰ অন্ততহে ওলাই পৰিব ঘটনাটোৰ প্ৰকৃত ৰহস্য ৷

লগতে পঢ়ক-এবছৰৰ ভিতৰত লখিমপুৰৰ বান-গৰাখহনীয়া সমস্যা সমাধানৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details