বাইহাটা, 4 আগষ্ট :অসমক ড্ৰাগছমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ আশা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) ৷ ইতিমধ্যে ড্ৰাগছ (Drugs) তথা সকলো নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ'বলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী(Assam Police)ক নিৰ্দেশ দিয়ে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে সমগ্ৰ অসমতে ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে সস্তম হৈ পৰিছে অসম আৰক্ষী ।
সমান্তৰালকৈ নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে কামৰূপ আৰক্ষীয়ে(Kamrup Police) ইটোৰ পাচত সিটো অভিযান চলাই আছে । এক গোপন সূত্ৰৰ পম খেদি বুধবাৰেও কামৰূপ আৰক্ষী আৰু বাইহাটা আৰক্ষীয়ে (Baihata Police)এটা অভিযান চলায় ৷ আৰক্ষীয়ে অভিযান চলাই প্ৰথমে বাইহাটা চাৰিআলিৰ মদন কামদেৱৰ ওচৰৰ চাংসাৰীৰ পৰা কুলেন ডেকা নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷
তাৰ পাচতে ধৃত কুলেন ডেকাৰ স্বীকাৰোক্তিৰ ভিত্তিত ভৈৰৱ ডেকা নামৰ আন এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷
ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত লোককেইজনৰ ঘৰৰ পৰা ড্ৰাগছৰ 18 টা প্লাষ্টিক কন্টেইনাৰ জব্দ কৰা হৈছে । আৰক্ষীৰ অভিযানকাৰী দলটোৱে এখন দুচকীয়া বাহন আৰু 9,800 টকা জব্দ কৰাৰ লগতে ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা দুটা ম'বাইল ফোনো জব্দ কৰে ।