ধুবুৰী, 2 জুন :ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলতো ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । বুধবাৰে ধুবুৰী আৰক্ষীৰ দল এটাই ধুবুৰীৰ এ এম কোঃ ৰোড অঞ্চলৰ ইছলাম নগৰত অভিযান চলাই ব্ৰাউন চুগাৰ, কণ্টেইনাৰ, হোকা, কফ চিৰাফ আৰু বিভিন্ন ড্ৰাগছ জাতীয় সামগ্ৰী সহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
অভিযোগ অনুসৰি ইছলাম নগৰ অঞ্চলত ড্ৰাগছৰ সৰবৰাহকাৰী আৰু ড্ৰাগছ মাফিয়াৰ আড্ডা চলি আছিল । তেনে এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ দল এটাই অভিযান চলাই মিৰ চেলিম আৰু ছোহেল শেখৰ নামৰ দুজনক আটক কৰে ৷ ধৃত মিৰ চেলিম আৰু ছোহেল শেখৰ পৰা অধিক তথ্য উদ্ঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে ৷