চামগুৰি, 29 মে': কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে তিনি তালাক নিসিদ্ধ কৰিছে যদিও একাংশই এই আইনক ভেঙুচালি কৰি আহিছে । বটদ্ৰৱাৰ ধনীয়াভেটিৰ চৌৰাপাৰাত সংঘটিত হৈছে তিনি তালাকৰ ঘটনা । বচিৰ আহমেদ নামৰ লোকজনক ড্ৰাগছ সেৱনত বাধা দিয়াৰ বাবেই পত্নীক তিনি তালাক দিয়ে ।
নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ ড্ৰাগছ বিৰোধী অভিযান আৰু সজাগতাৰ বাবেই মহিলা গৰাকীয়ে নিজ স্বামীক ড্ৰাগছ সেৱনত বাধা প্ৰদান কৰে । ড্ৰাগছ সেৱনত পত্নীয়ে বাধা দিয়াৰ বাবেই বচিৰ আহমেদে মহিলা গৰাকীক শাৰীৰিক-মানসিক নির্যাতন কৰাৰ উপৰিও তিনি তালাকৰ দৰে নিন্দনীয় ঘটনা সংঘটিত কৰে । যাক লৈ সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ।