শিৱসাগৰ, 15 নবেম্বৰ :আপুনি ৰহস্য উপন্যাসৰ অনুৰাগী নেকি ? প্ৰাচীন কোনো ৰজা-মহাৰাজাৰ সম্পত্তি উদ্ধাৰৰ পৰিকল্পনা কৰা উপন্যাসৰ কোনো চৰিত্ৰই আপোনাৰ কল্পনাৰ পৃথিৱীত ঘৰ সাজে নেকি ? অথবা কোনো ৰহস্যঘন ছবিত গুপ্তধনৰ প্ৰসংগ থাকিলে কোনোবাটো দৃশ্যত আপুনিও হয়তো শিহৰিত হৈ পৰে ৷ পিছে আজি আমি লৈ অহা এই বাতৰিত নাই কোনো কল্পনাৰ স্থান পিছে কাল্পনিক কোনো উপন্যাসৰ কাহিনীৰ সৈতে ইয়াৰ সামঞ্জস্যও নুই কৰিব নোৱাৰি ৷
ঘটনাৰ কেন্দ্ৰবিন্দু এটা বিশেষ দল অথবা গেং ৷ এই গেংটোৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে পুৰণি সম্পদৰ সন্ধান কৰা । সম্পূৰ্ণ হলিউদ মাৰ্কা টেকনিকত এই দলটোৱে মাটিৰ তলত থকা গুপ্ত ধনৰ সন্ধান চলায় ৷ শেহতীয়াকৈ শিৱসাগৰৰ বেতবাৰীত গুপ্ত ধনৰ সন্ধানত চলাইছিল দলটোৱে ৷ পিছে কথাতেই কয় নহয়, এশ গৰু মাৰিলে বাঘৰো মৰণ ৷