গুৱাহাটী,১২ ছেপ্টেম্বৰ :মহানগৰীৰ নিকটৱৰ্তী সোণাপুৰ যোগদল অঞ্চলত শনিবাৰে নিশা সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । অৱশ্যে, আৰক্ষীয়ে এই হত্যাকাণ্ডৰ অতি ক্ষীপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি এই ঘটনাৰ লগত জড়িত প্ৰফুল্ল বৰা নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, সোণাপুৰ যোগদলৰ ৰমেন কাঠাৰ নামৰ যুৱক এজনক শনিবাৰে নিশা প্ৰায় ২ মান বজাত একে গাঁৱৰে প্ৰফুল্ল বৰা নামৰ লোকজনে নিজ গৃহতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰে । চোকা দা আৰু চিপৰাঙৰ আঘাতত মৃত্যু হোৱা লোকজনৰ শৰীৰটো পিছত চোঁচৰাই নি ঘৰৰ পিছফালে থকা এটা গাঁতত পুতি পেলায় হত্যাকাৰী প্ৰফুল্ল বৰাই ।
ইপিনে, এই হত্যাকাণ্ড তেওঁৰ স্বামীৰ দ্বাৰা সংঘটিত হোৱা বুলি জানিব পাৰি প্ৰফুল্ল বৰাৰ পত্নীয়ে স্থানীয় ৰাইজক অৱগত কৰাত ৰাইজে ততালিকে সোণাপুৰ আৰক্ষীক খবৰ দিয়ে ।