শিৱসাগৰ, 27 জানুৱাৰী :ৰাজ্যত চলি থকা বিভিন্ন অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে । অবৈধ কাৰ্যকলাপ সমূহ নিয়ন্ত্ৰণ কৰিবলৈ ইতিমধ্যে কঠোৰ নিৰ্দেশনাও জাৰি কৰিছে ৰাজ্য চৰকাৰে । কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ এনে কঠোৰ স্থিতিৰ পাছতো ৰাজ্যত অবৈধ কাৰ্যকলাপ অব্যাহত ৰাখিছে দুষ্টচক্ৰই ।
শেহতীয়াকৈ শিৱসাগৰৰ দিখৌ নদীৰ উৎপতিস্থলত দীৰ্ঘদিন ধৰি এচাম ৰাজনৈতিক নেতাৰ ছত্ৰছাঁয়াত অবাধে চলি আছে শিল খনন কাৰ্য (Illegal stone mining in Sivasagar)। অবৈধ খননেৰে একাংশ শিল মাফিয়াই চলাই আহিছে এখন ৰমৰমীয়া ব্যৱসায় । কিন্তু, ৰহস্যজনকভাৱে এই সমগ্ৰ প্ৰক্ৰিয়াত নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে জিলা প্ৰশাসন তথা সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে ৷
যাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে শিৱসাগৰৰ দিখৌ নদীত অবৈধভাৱে শিল খনন বন্ধ কৰাৰ লগতে ভূ-মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি নৈপৰীয়া ৰাইজক উদ্ধাৰ কৰাৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চটোৰ স্থানীয় ৰাইজ (Locals proest against Stone Mafiya) ৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিটিয়ে (SMSS protest against stone mining at Dikhow river) ৷ "দিখৌ ৰক্ষা কৰোঁ আঁহক" শীৰ্ষক শ্ল’গানেৰে শিৱসাগৰ হলিনেম স্কুলৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈকে ছাত্ৰ মুক্তি আৰু বিহুবৰকে ধৰি বৃহৎ অঞ্চলটোৰ দিখৌপৰীয়া ৰাইজে এই প্ৰতিবাদী সমদল উলিয়াই অবৈধ শিলখনৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদকাৰী দলটোক আৰক্ষীৰ দলে বাধা প্ৰদান কৰাৰ লগতে প্ৰতিবাদকাৰীৰ হাতৰ পৰা বেনাৰ আৰু ফেষ্টুন সমূহ কাঢ়ি ৰাখে ৷ ফলত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হয় ৷ লগতে অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয় ৷ উপায়ন্তৰ হৈ প্ৰতিবাদকাৰীসকলে ৰাজপথতে বহি দিখৌ নদীক ৰক্ষা কৰক, চৰকাৰৰ স্বেচ্ছাচাৰীতা বন্ধ কৰক আদি শ্লোগান দি উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷