অসম

assam

জনপ্ৰিয় গায়িকাৰ 15 বছৰীয়া কন্যাক ধৰ্ষণৰ অভিযোগ

By

Published : Apr 13, 2021, 10:48 PM IST

চেন্নাই চহৰৰ এগৰাকী জনপ্ৰিয় গায়িকাৰ 15 বছৰীয়া কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন ৷ পকচো (POCSO ) আইনৰ অধীনত এটা গোচৰ ৰুজু ৷

নেচনেল ডেক্স ,13 এপ্ৰিল : মঙলবাৰে চেন্নাই চহৰৰ এগৰাকী জনপ্ৰিয় গায়িকাৰ 15 বছৰীয়া কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এজন খ্ৰীষ্টান ধৰ্ম গুৰুৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ছোৱালীজনীৰ মাতৃয়ে লগে লগে স্থানীয় মহিলা আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰে ৷ অভিযোগৰ ভিত্তিত, আৰক্ষীয়ে ছোৱালীজনীৰ সৎ ভগ্নী, খুৰাক, আত্মীয়ৰ পুত্ৰ আৰু ধৰ্মগুৰুৰ বিৰুদ্ধে পকচো (POCSO ) আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে ৷ উল্লেখ্য যে, ছোৱালীজনীৰ মাতৃ হায়দৰাবাদৰ এগৰাকী জনপ্ৰিয় গায়িকা । তামিল আৰু তেলেগুৰ দৰে বহুতো চলচ্চিত্ৰত গান গোৱাৰ ওপৰিও আৰু বৰ্তমান এটা জনপ্ৰিয় দূৰদৰ্শন অনুষ্ঠানত কাম কৰি থকা বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

...view details