অসম

assam

By

Published : Jun 26, 2021, 7:29 AM IST

ETV Bharat / crime

দলগাঁৱত দুটাকৈ অবৈধ কাঠ ফলা মেচিন জব্দ

চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে দলগাঁৱত (Dalgaon) বন বিভাগৰ তীব্ৰ অভিযান ৷ উক্ত অভিযানত দলগাঁৱৰ বেচিমাৰী আৰু বাৰৈপাৰা গাঁৱত অবৈধভাবে চলি থকা দুটাকৈ কাঠ ফলা মিল জব্দ (Seized) কৰে বন বিভাগে ৷

Saw mill Seized By Forest Depertment At Dalgaon Darrang District
দলগাঁৱত দুটাকৈ অবৈধ কাঠ ফলা মেচিন জব্দ

দলগাঁও, 26 জুন : কৰ'ণাৰ (Covid-19) ভয়াৱহ পৰিস্থিতিৰ মাজতেই ৰাজ্যত বহু সৰু বৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে ৷ ইয়াৰ বিপৰীতে ড্ৰাগছ (Drugs) সৰবৰাহ, ডকাইত,চোৰাং গৰু সৰবৰাহ, চোৰাং কাঠ সৰবৰাহ ইত্যাদি বিভিন্ন অপৰাধজনিত কাণ্ডৰ বিৰুদ্ধে তীব্ৰ অভিযানত অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে (Assam Police) ৷ আৰক্ষীৰ অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জব্দ হৈছে কোটি-কোটি টকাৰ ড্ৰাগছৰ লগতে আটক কৰিছে বহুকেইটা ড্ৰাগছ মাফিয়া, চোৰ-ডকাইতৰ লগতে চোৰাং কাঠ সৰবৰাহকাৰীক ৷

সমান্তৰালকৈ, দলং জিলাতো সংঘটিত হৈছে বহু অপৰাধমূলক ঘটনা ৷ ইয়াৰ বিৰুদ্ধে আৰক্ষীয়েও চলাইছে তীব্ৰৰ পৰা তীব্ৰতৰ অভিযান ৷ ইফালে এক গোপন খবৰৰ ভিত্তিত দৰং জিলাৰ উত্তৰ কামৰূপ বন সংমণ্ডল বিষয়াৰ নিৰ্দেশত চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে মঙলদৈ আৰু কামৰূপ সংমণ্ডলৰ বন বিভাগে (Forest Department) যুটীয়া অভিযান চলায় ৷ বন বিভাগৰ অভিযানত দলগাঁৱৰ বেচিমাৰী আৰু বাৰৈপাৰা গাঁৱৰ পৰা অবৈধভাৱে চলি থকা দুটাকৈ কাঠ ফলা মিল জব্দ (Seized) কৰে ৷ জব্দকৃত মেচিন কেইটাৰ মূল্য তিনি লাখ টকা হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে ৷

দলগাঁৱত দুটাকৈ অবৈধ কাঠ ফলা মেচিন জব্দ

আনহাতে, বন বিভাগৰ বিষয়াই জানিব দিয়া মতে বন বিভাগৰ অভিযানৰ কথা গম পাই কেইবাটাও কাঠ ফলা মিলৰ যন্ত্ৰ পাতি খুলি লৈ পলায়ন কৰে অবৈধ মিলৰ মালিক আৰু কৰ্মচাৰী সকলে ।

ইফালে চোৰাং কাঠ সৰবৰাহকাৰী কেইটাক আটক কৰিবলৈ যোৰদাৰ অভিযান অব্যাহত ৰাখিছে বুলি বন বিভাগৰ বিষয়া কৰ্মচাৰী সকলে সাংবাদিকৰ আগত সদৰি কৰিছে ৷ উল্লেখ্য যে, যিটো সময়ত পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰিবলৈ বিভিন্ন সংবাদমাধ্যম তথা কাগজে পত্ৰই সজাগতাৰ বাতৰি প্ৰকাশ হৈ আহিছে সেই সময়তে একাংশ দুষ্ট চক্ৰই চলাই গৈছে প্ৰকৃতিৰ বুকুত অবাধ ধ্বংসলীলা ৷ ৰাজ্যৰ বিভিন্ন বনাঞ্চলৰ পৰা চোৰাংভাৱে মূল্যবান গছ গছনি কাটি লুটিছে লাখ লাখ টকা ৷ এই ঘটনাৰ বিৰুদ্ধে বিভিন্ন দল সংগঠন তথা ৰাইজে তীব্ৰ প্ৰতিবাদ কৰি আহিছে ৷

ইফালে আৰক্ষী অথবা বন বিভাগেও অভিযান অব্যাহত ৰাখিছে যদিও কোনো ঠাইত এতিয়াও চলিয়েই আছে চোৰাং কাঠৰ সৰবৰাহ ৷ শীঘ্ৰেই এই চোৰাং কাঠ সৰবৰাহ বন্ধ কৰিবলৈ চৰকাৰ তথা বন বিভাগক আহ্বান জনাইছে ৰাজ্যৰ সচেতন লোক সকলে ৷

লগতে পঢ়ক-মহানগৰীত দিন দুপৰতে দুটাকৈ ধন লুটৰ ঘটনা

ABOUT THE AUTHOR

...view details