নলবাৰী, 6 আগষ্ট : নলবাৰীৰ বগলছ ৰোড (Bagals Road)ত শুকুৰবাৰে পুৱাই সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা ৷ এখন বলেৰো পিকআপ ভানৰ পৰা দুৰ্বৃত্তই লুটিলে নিয়ে অৰ্ধ লক্ষাধিক টকা ৷ অৰুণাচলত ব্ৰইলাৰ মুৰ্গী বিক্ৰী কৰি ওভতি অহাৰ সময়তে সংঘটিত হয় এই ঘটনাটো ৷ বাহনখনৰ চালকজনে সদৰি কৰামতে, অৰুণাচল (Arunachal)ৰ পৰা ওভতি অহাৰ সময়তে দুৰ্বৃত্তৰ এটা দলে হাতে হাতে চোকা অস্ত্ৰলৈ তেওঁলোকক আগভেটি ধৰে ৷
ইফালে চালক আৰু হেণ্ডিমেন গৰাকীক প্ৰাণে মৰাৰ ভাবুকি দি ঘগ্ৰাপাৰৰ পৰা অপহৰণ কৰি লৈ আহে ডকাইতৰ দলটোৱে ৷ বগলচ ৰোডত লুটপাত চলাই দুৰ্বৃত্তৰ দলটোৱে চালকজনৰ পৰা 60,000 (ষাঠি হাজাৰ) টকাসহ দুটা মোবাইল ফোন, এখন এ.টি.এম কাৰ্ড (ATM Card) আৰু গাড়ীখনৰ চাবি লৈ উধাও হয় ৷
লগতে পঢ়ক - অসংযত অৱস্থাত মুছলপুৰত দুগৰাকী যুৱতীসহ দুজন যুৱক