অসম

assam

নিজ কন্যাক যৌন নিৰ্যাতন চলাই ৰঙা ঘৰৰ আলহী পিতৃ

বৰপেটাত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এটা ঘটনা ৷ ইতিমধ্যে ডেভিদ বণিক্য নামৰ লম্পটটোক শুকুৰবাৰে আৰক্ষীয়ে আটক কৰিছে আৰক্ষীয়ে ৷

By

Published : Jun 26, 2021, 2:07 PM IST

Published : Jun 26, 2021, 2:07 PM IST

Updated : Jun 26, 2021, 2:33 PM IST

Rape Incident At Barpeta District
বৰপেটাত নিজ কন্যাক যৌন নিৰ্যাতন চলাই ৰঙা ঘৰৰ আলহী পিতৃ

বৰপেটা, 26 জুন :ৰাজ্যৰ বিভিন্ন প্ৰান্তত দৈনিক যৌন নিৰ্যাতনৰ ঘটনা বিভিন্ন বাতৰি কাকত তথা সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে ৷ তেনেই এক অনুৰূপ ঘটনা সংঘটিত হৈছে বৰপেটা জিলাত ৷ সভ্য সমাজক লজ্জানত কৰি এজন অসৎ পিতৃৰ কামনাৰ বলি হ'বলগীয়া হ'ল নিজ কন্যা ৷ ইতিমধ্যে পিতৃৰ বিৰুদ্ধে যৌন আতিশায্য চলোৱাৰ অভিযোগ তুলিছে 12 বছৰীয়া কিশোৰী গৰাকীয়ে ৷

উল্লেখ্য যে, দীৰ্ঘ দিনৰে পৰা পিতৃয়ে নিৰ্যাতন চলাই অহা বুলি কাষৰ এগৰাকী যুৱতীক অৱগত কৰিছিল ভুক্তভোগী কিশোৰী গৰাকীয়ে ৷ উক্ত ঘটনাটি চুবুৰীয়াৰ কৰ্ণ গোচৰ হোৱাত অৱশেষত দুৰ্ভগীয়া কিশোৰীগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহে স্থানীয় ৰাইজ ৷ দুৰ্ভগীয়া কিশোৰীগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত সমগ্ৰ ঘটনাটো স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰা হয় ৷ ৰাইজৰ খবৰৰ ভিত্তিত বৰপেটা সদৰ থানাৰ আৰক্ষীৰ এটা দলে শুকুৰবাৰে নিশা অভিযুক্ত পিতৃক ভাড়া ঘৰৰ পৰাই আটক কৰে ৷

উল্লেখ্য যে, অভিযুক্ত পেচাত এজন নাপিত ৷ তেওঁ দ্বিতীয় পত্নী আৰু 12 বছৰীয়া কন্যাগৰাকীৰ সৈতে বিগত এবছৰ ধৰি বৰপেটা চহৰৰ মধ্য মেটুৱাকুছিত ভাড়াতীয়া হিচাপে আছিল বুলি জানিব পৰা গৈছে ৷

আনহাতে, পিতৃয়ে অসৎ কামনা চৰিতাৰ্থ কৰাত সতীয়া মাতৃয়ে সহযোগ কৰা বুলি বিস্ফোৰক অভিযোগ কৰিছে ভুক্তভোগী কিশোৰীগৰাকীয়ে ৷ এই সমগ্ৰ ঘটনাটোৰ বিষয়ে সময়ে সময়ে সতীয়া মাতৃগৰাকীক অৱগত কৰিছিল যদিও স্বামীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলিও আন এক অভিযোগ উঠিছে সতীয়া মাতৃগৰাকীৰ বিৰুদ্ধে ৷ সমগ্ৰ ঘটনাটো পোহৰলৈ অহাত স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনৰ সদস্য সকলে তীব্ৰ গৰিহণা দিয়াৰ লগতে অভিযুক্তক উচিত শাস্তি দিবলৈ আৰক্ষীক দাবী জনাইছে ৷ উক্ত ঘটনাটোৰ বাবে সমগ্ৰ অঞ্চলটোতে এতিয়া তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷

লগতে পঢ়ক-কেকো সাপ সহ তিনিচুকীয়া আৰক্ষীৰ জালত চাৰিজন

Last Updated : Jun 26, 2021, 2:33 PM IST

ABOUT THE AUTHOR

...view details