বিহপুৰীয়া, 11 জুলাই : লখিমপুৰ জিলাৰ নাৰায়ণপুৰত প্ৰধানমন্ত্ৰী অন্ন সুৰক্ষা আঁচনিত সংঘটিত হৈছে ভয়ংকৰ দুৰ্নীতি । নাৰায়ণপুৰৰ পিছলা সমবায় সমিতিত সংঘটিত হৈছে এই দুৰ্নীতি । সমবায় সমিতিখনৰ অন্তৰ্গত বালিপুখুৰী সূলভ মূল্য বিক্ৰী কেন্দ্ৰৰ এজেন্ট তৰুণ দত্তৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ । কেন্দ্ৰটোৰ অন্তৰ্গত দৰিদ্ৰ হিতাধিকাৰীসকলৰ নামত বিগত জুন মাহৰ বাবে আৱন্টিত প্ৰধানমন্ত্ৰী অন্ন সুৰক্ষা আঁচনিৰ সমুদায় চাউল আত্মসাৎ কৰিছে বুলি হিতাধিকাৰী সকলে অভিযোগ কৰিছে সমবায় খনৰ এজেন্ট তৰুণ দত্তৰ বিৰুদ্ধে ।
নাৰায়ণপুৰত সুলভ মূল্য চাউল বিতৰণত ব্যাপক কেলেংকাৰী - এজেন্ট
নাৰায়ণপুৰৰ পিছলা সমবায় সমিতি অন্তৰ্গত বালিপুখুৰী সুলভ মূল্য চাউল বিতৰণত ব্যাপক কেলেংকাৰ হোৱা বুলি অভিযোগ কৰে হিতাধিকাৰী সকলে ৷ শীঘ্ৰেই এজেন্ট গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় হিতাধিকাৰী সকলে ৷
নাৰায়ণপুৰত সুলভ মূল্য চাউল বিতৰণত ব্যাপক কেলেংকাৰ
আনহাতে, বহু হিতাধিকাৰীয়ে মাহৰ পাছত মাহ ধৰি লাভ কৰা নাই সুলভ মূল্যৰ কেৰাচিন তেল । এইগৰাকী সমবায় এজেন্টৰ বিৰুদ্ধে ইতিমধ্যে ভুক্তভোগী হিতাধিকাৰীসকলে স্থানীয় বিধায়কগৰাকীৰ উপৰিও লখিমপুৰ জিলা উপায়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰিছে ৷ অতি শীঘ্ৰে এজেন্টগৰাকীৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে উপযুক্ত শাস্তিৰ দাবী জনাইছে স্থানীয় হিতাধিকাৰী সকলে ।