নগাঁও, 13 ডিচেম্বৰ :পুনৰ বিতৰ্কত সোমাই পৰিল নগাঁৱৰ শিক্ষানুষ্ঠান হাম এক গ্ৰুপ। এইবাৰ ৰাজহ চক্ৰ বিষয়াৰ চীল চহী জালিয়াতিৰে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল নগাঁৱৰ Hum ek national secondary school ৰ স্বত্বাধিকাৰী ইনামুল হাছান আৰু হায়দৰ আলি । অভিযোগ মতে, শিক্ষানুষ্ঠানখনৰ স্বত্বাধিকাৰীয়ে এডোখৰ মাটি মনেসজা ধৰণে দাগ নম্বৰ পাট্টা নম্বৰ দি ৰাজহ চক্ৰ বিষয়া আৰু ছাব ৰেজিষ্টাৰৰ চীল চহী জাল কৰি এক দান পত্ৰ প্ৰস্তুত কৰিছিল(Counterfeiting land document by school owner) ।
অৱশ্যে, পৰৱৰ্তী সময়ত এই ভুৱা ভূমিদান পত্ৰ ব্যৱহাৰ কৰি বিদ্যালয়ৰ অনুমতিৰ বাবে অসম চৰকাৰৰ শিক্ষা সঞ্চালকৰ কাৰ্যালয়ত আবেদনো কৰিছিল স্বত্বাধিকাৰী সকলে । এই সমগ্ৰ জালিয়াটিৰ ঘটনা এক RTI তথ্যৰ ভিত্তিত পোহৰলৈ আহে । ইয়াৰ পাছত RTI কৰ্মী জনে নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰে । এই গোচৰৰ ভিত্তিতেই নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ইনামুল হাছান আৰু হায়দৰ আলিক গ্ৰেপ্তাৰ কৰে(proprietor of education group arrested )।