অসম

assam

ETV Bharat / crime

আৰক্ষীৰ অভিযানত নষ্ট লিটাৰে লিটাৰে চুলাই - police destroyed country liquor in moran

মৰাণত অবৈধ চুলাই মদ(country liquor)ৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান ৷ আৰক্ষীৰ অভিযানত তিনিটাকৈ অবৈধ চুলাই ভাটি উচ্ছেদ ৷ অবৈধ চুলাই ভাটিৰ পৰা ক'ভিড সংক্ৰমণ বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে চুলাই ভাটিৰ বিৰুদ্ধে তীব্ৰতৰ হৈছে আৰক্ষীৰ অভিযান ৷

Illegal liqueur Seized By Police At Moran, Dibrugarh District
মৰাণত চুলাই ঘাটিত নষ্ট লিটাৰে লিটাৰে চুলাই

By

Published : Jul 12, 2021, 9:56 PM IST

মৰাণ, 12 জুলাই:বিভিন্ন জিলাৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাতো ড্ৰাগছ(Drugs) তথা নিচা জাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী(Dibrugarh Police)এ তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷ অবৈধ চুলাই ভাটিৰ পৰা ক'ভিড সংক্ৰমণ বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে মৰাণত সোমবাৰে আৰক্ষীয়ে অবৈধ চুলাই (country liquor)ভাটিৰ বিৰুদ্ধে অভিযান চলায় ৷ ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লীলাকান্ত চুতীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এই অভিযান চলায় ৷

মৰাণত চুলাই ঘাটিত নষ্ট লিটাৰে লিটাৰে চুলাই

এই অভিযানত আৰক্ষীয়ে খোৱাং চেনীমাৰী গাঁও আৰু খোৱা আঠাবাৰী গাঁৱত প্ৰায় 300 লিটাৰ চুলাই আৰু চুলাই প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰে ৷ লগতে তিনিটাকৈ অবৈধ চুলাই ভাটি উচ্ছেদ কৰে । উল্লেখ্য যে, ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে একাংশই অবৈধভাৱে চুলাইৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে । এনে সময়ত খোৱাং আৰক্ষী থানাৰ পদক্ষেপক সকলোৱে শলাগ লোৱাৰ লগতে অঞ্চলটোৰ অন্য স্থানতো অবৈধ চুলাই ভাটিৰ বিৰুদ্ধে অভিযান চলাবলৈ আহ্বান জনাইছে ।

মৰাণত চুলাই ঘাটিত নষ্ট লিটাৰে লিটাৰে চুলাই

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ দেওবাৰে গোলাঘাট জিলাৰ বোকাখাত মহকুমাধিপতিৰ নেতৃত্বত আবকাৰী বিভাগৰ সহযোগত অবৈধ চুলাই মদৰ বিৰুদ্ধে চলোৱা হয় এক অভিযান ৷ আৰক্ষীৰ অভিযানত বোকাখাতৰ খতিয়াখলি ভূঞা গাঁৱত শ-শ লিটাৰ চুলাই মদ জব্দ কৰাৰ লগতে চুলাই মদ প্ৰস্তুত কৰা বহু সা- সামগ্ৰী নষ্ট কৰে । ইয়াৰোপৰি, কুৰুৱাবাহী অঞ্চলৰ খতিয়াখলি, ভূঞা গাঁও, নিকৰি, যুগল গাঁৱকে আদি কৰি বহুকেইখন গাঁৱতো আৰক্ষীয়ে অভিযান চলায় ৷

উল্লেখ্য যে, আৰক্ষীয়ে অভিযান চলাই বহু লোকৰ তামোল-পান বাৰীৰ পৰা শ-শ লিটাৰ চুলাই জব্দ কৰা ঘটনাই সকলোকে হতচকিত কৰি তুলিছে ৷ লকডাউন(lockdown)ৰ মাজতো বৃহত্তৰ অঞ্চলটোত অসাধু চক্ৰই চুলাই মদৰ ৰমৰমীয়া বেহা চলাই আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷

লগতে পঢ়ক-তামোল-পাণৰ পৰিৱৰ্তে বাৰীত ওলাইছে চুলাই মদ

ABOUT THE AUTHOR

...view details