অসম

assam

ETV Bharat / crime

ধুবুৰীত বৃহৎ পৰিমাণৰ চাউলসহ দুজন সৰবৰাহকাৰীক আটক - ধুবুৰী আৰক্ষী

ধুবুৰীত পুনৰ দুজন চাউল সৰবৰাহকাৰী ( RICE PADDLER) ক আটক কৰাৰ লগতে জব্দ কৰে চাউল ভৰ্তি এখন নাঁও। ইতিমধ্যে অধিক তথ্যৰ বাবে সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

PDS rice With two persons Arrested By Police At Dhubri
ধুবুৰীত বৃহৎ পৰিমাণৰ চাউলসহ দুজন সৰবৰাহকাৰীক আটক

By

Published : Jun 20, 2021, 10:30 AM IST

ধুবুৰী, 20 জুন : ড্ৰাগছ(DRUGS) তথা বিভিন্ন অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষী (ASSAM POLICE)য়ে ৷ আৰক্ষীৰ অভিযানত ইতিমধ্যে বিভিন্ন অপৰাধজনীত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত বহু অভিযুক্তক আটক কৰিছে ৷ সমান্তৰালকৈ ধুবুৰীতো আৰক্ষীয়ে গৰু সৰবৰাহৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী( DRUGS PADDLER)ৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰা পৰিলক্ষিত হৈছে ৷ প্ৰতেক দিনেই পোহৰলৈ আহিছে জিলাখনৰ বিভিন্ন অপৰাধমূলক ঘটনা ৷

ধুবুৰীত বৃহৎ পৰিমাণৰ চাউলসহ দুজন সৰবৰাহকাৰীক আটক

তেনেএক ঘটনা শনিবাৰে পোহৰলৈ আহিছে ৷ দীৰ্ঘদিন ধৰি ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীৰেই একাংশ দুষ্ট চক্ৰই অব্যাহত ৰাখিছে গৰু সৰবৰাহকে আদিকে কৰি চাউলৰ সৰবৰাহ ৷ এক গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি ধুবুৰী আৰক্ষীয়ে চলাইছিল এটা অভিযান ৷ আৰক্ষীৰ অভিযানত ব্ৰহ্মপুত্ৰ নদী (BRAMHAPUTRA RIVER) পথৰ পৰা দুজন চাউল সৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ কৰে চাউল ভৰ্তি এখন নাও।

জব্দকৃত চাউলখিনি চৰকাৰৰ ৰাজহুৱা বিতৰণ আঁচনিৰ চাউল বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে, ধুবুৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ নদী পথেৰে দক্ষিণ শালমাৰা লৈ যোৱা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে চাউল ভৰ্তি নাঁওখন । ধৃত চাউল সৰবৰাহকাৰী কেইটাৰ নাম হৈছে বাছেৰ আলী আৰু ছবিয়াল শেখ ৷ দুয়োৰে ঘৰ ধুবুৰীৰ বিৰসিং চৰত বুলি জানিবলৈ পোৱা গৈছে ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে ধুবুৰী আৰক্ষীয়ে জেৰা চলাইছে ধৃত বাছেৰ আলী আৰু ছবিয়াল শেখক।

অভিযোগ অনুসৰি, ধুবুৰীৰ এফ চি আই (FOOD CORPORATION OF INDIA)ৰ পৰা যোগান ধৰা চাউল সমূহ ধুবুৰীৰ পাৰ ঘাট পথেৰে দুষ্ট চক্ৰই দক্ষিণ শালমাৰাৰ বিভিন্ন সমবায় সমিতি লৈ যোগান দিয়াৰ নামত মেঘালয় MEGHALAYA) আৰু বাংলাদেশ BANGLADESH)লৈ চোৰাংভাৱে প্ৰেৰণ কৰে ৷ সম্প্ৰতি উক্ত ঘটনাটোৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।


লগতে পঢ়ক-হোজাইৰ অবৈধ কাঠফলা কলত বন বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details