বাইহাটা, 31 জুলাই : এইবাৰ কামৰূপৰ চাংসাৰীত শুকুৰবাৰে নিশা পহৰাদাৰী আৰক্ষীৰ হাতত জব্দ এখন চোৰাং চাউল ভৰ্তি ট্ৰাক । চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ চাংসাৰীত থানাৰ সন্মুখতে জব্দ হয় As 01 GC 3675 নম্বৰৰ চোৰাং চাউল ভৰ্তি ট্ৰাকখন । ট্ৰাকখনৰ চালক ফৰিজুল হক আৰু হেণ্ডিমেন আৰ্চিক আহমেদকো আটক কৰে চাংসাৰী আৰক্ষীয়ে (Changsari Police)।
শুকুৰবাৰে নিশা তহলদাৰী আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনত আছিল প্ৰায় 200 কুইণ্টল ৰাজহুৱা বিতৰন ব্যৱস্থাৰ চাউল (PDS Rice) । বৰপেটাৰ হাউলিৰ পৰা মেঘালয়ৰ বৰ্ণিহাটলৈ যোৱা অৱস্থাতে জব্দ কৰে ট্ৰাকখন ৷ জব্দকৃত ট্ৰাকখনত 470 বেগ চাউল আছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে । ইফালে জব্দকৃত ট্ৰাকখনৰ গৰাকী হাউলিৰ শুকুৰ আলীৰ পুত্ৰ আৰ্চিক আহমেদ বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷
অধিক তথ্যৰ বাবে চাংসাৰী আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত । আৰক্ষীৰ তদন্তৰ অন্ততহে ওলাই পৰিব এই চাউল সৰবৰাহৰ সৈতে আন কোন কোন লোক জড়িত আছে ৷ উক্ত ঘটনাৰ বাবে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷