অসম

assam

By

Published : Jun 28, 2021, 7:48 AM IST

ETV Bharat / crime

বৰপেটাৰ বাঘবৰত কেকোসাপ সহ এজনক আটক

বৰপেটাত কেকো সাপসহ এজন যুৱকক আটক কৰে আৰক্ষীয়ে ৷ ধৃত যুৱকজনে কেকোসাপ ডাল বিক্ৰী কৰিবলৈ অনাৰ সময়তে আৰক্ষীয়ে আটক কৰে যুৱকজনক ৷

Gecko Snake With One persons Arreted By Police At Barpeta
বৰপেটাৰ বাঘবৰত কেকোসাপসহ এজনক আটক

বৰপেটা, 28 জুন :মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই শপত গ্ৰহণ কৰাৰ পাছতে তেওঁ অপৰাধ মুক্ত ৰাজ্য গঢ়ি তোলাৰ লক্ষ্য আৰু উদ্দেশ্যৰে আৰক্ষী প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে সস্তম হৈ পৰে অসম আৰক্ষী ৷ সমান্তৰালকৈ বৰপেটা জিলাতো অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

বৰপেটাৰ বাঘবৰত কেকোসাপ সহ এজনক আটক

ইয়াৰ মাজতে এক গোপন খবৰৰ ভিত্তিত আলোপতি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিদ্যুৎ ঠাকুৰীয়াৰ নেতৃত্বত দেওবাৰে আৰক্ষী এটা দলে অভিযান চলাই ৷ আৰক্ষীৰ অভিযানত বাঘবৰৰ শুকৰঝাৰ চৰত কেকো সাপসহ এজন যুৱকক আটক কৰে ৷ ধৃত যুৱকজন শুকৰঝাৰ চৰৰ জিল হ'ক বুলি জানিব পৰা গৈছে ৷

ধৃত জিল হকক বৰপেটা বন বিভাগক চমজাই দিয়ে আৰক্ষীয়ে ৷ জিল হকে দুস্প্ৰাপ্য কেকোসাপ ডাল বিক্ৰী কৰাৰ উদ্দেশ্যে চোৰাং সৰবৰাহকাৰী সন্ধানত আছিল বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে ৷

বৰপেটাৰ বাঘবৰত কেকোসাপসহ এজনক আটক

অভিযুক্ত জিল হকক বৰপেটা আৰক্ষীক চমজাই দিয়াৰ লগতে সোমবাৰে আদালতৰ নিৰ্দেশ অনুসৰি কেকো সাপ ডাল মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিব বুলি জানিব পৰা গৈছে ৷ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ঠিক একেদৰে 26 জুন শুকুৰবাৰে তিনিচুকীয়াতো আৰক্ষীয়ে চলোৱা এটা অভিযানত বিলুপ্ত প্ৰায় এডাল কেকো সাপৰ সৈতে চাৰিজন সৰবৰাহকাৰীক আটক কৰিছিল আৰক্ষীয়ে । এক গোপন সূত্ৰৰ পম খেদি অসম-অৰুণাচল সীমান্ত বৰডুমছাত আৰক্ষীয়ে এই অভিযান চলাইছিল ৷

উক্ত অভিযানত AS-06 AA-2113 নম্বৰৰ এখন বিলাসী বাহনত চাৰিজনীয়া এটা দলে বৰডুমচাৰ পৰা তিনিচুকীয়া লৈ নি থকা অৱস্থাত আৰক্ষীৰ তালাচিত মাকুমস্থিত ভীম পাৰাত 250 গ্ৰাম ওজনৰ এডাল বিলুপ্তপ্ৰায় কেকো সাপ জব্দ কৰাৰ লগতে চাৰিজন সৰবৰাহকাৰীকে আটক কৰে ৷

লগতে পঢ়ক- ৰাজ্যৰ বিভিন্ন প্ৰান্তত জব্দ ড্ৰাগছ

ABOUT THE AUTHOR

...view details