অসম

assam

ETV Bharat / crime

ছয়গাঁৱত বুজন পৰিমাণৰ বিলাতী সুৰাসহ এজনক আটক - illegal lequouer seize

শুকুৰবাৰে নিশা ছয়গাঁৱৰ গৰৈমাৰীত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰাৰ লগতে আটক কৰে এজন সৰবৰাহকাৰীক ৷ ধৃত সৰবৰাহকাৰী জনৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি ৷

Illegal's Lacquer With One Paddler Arrested By Police At Chaygaon
ছয়গাঁৱত বুজন পৰিমানৰ বিলাতী সুৰা সহ এজনক আটক

By

Published : Jul 17, 2021, 10:13 AM IST

ছয়গাঁও, 17 জুলাই:ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতেই ৰাজ্যত অব্যাহত আছে ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ (Assam Police) তীব্ৰ অভিযান ৷ ইয়াৰ সমান্তৰালকৈ কামৰূপ জিলাৰ আৰক্ষীয়েও অব্যাহত ৰাখিছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ শুকুৰবাৰেও ড্ৰাগছৰ সমান্তৰালকৈ বিলাতী সুৰাৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলায় ছয়গাঁও আৰক্ষীয়ে (Chaigaon Police)৷

ছয়গাঁও আৰক্ষী থানাৰ (Chaigaon Police Station) ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গৰৈমাৰীৰ কলিতা চুবাত নিশাৰ ভাগত চলায় এই অভিযান ৷ এই অভিযানত আৰক্ষীয়ে কমল কলিতা নামৰ লোকজনৰ ঘৰৰ পৰা ৬১ টাকৈ বিলাতী সুৰাৰ বটল জব্দ কৰাৰ লগতে কমল কলিতাক আটক কৰে ৷ অধিক তথ্য়ৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

যেতিয়ালৈ ৰাজ্যত অবৈধ সুৰা তথা নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ বন্ধ নহ'ব, তেতিয়ালৈ আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি আৰক্ষীয়ে হুংকাৰ প্ৰদান কৰে ৷

সমান্তৰালকৈ বৃহস্পতিবাৰে নিশা চলোৱা এক অভিযানত নিলামবজাৰ আৰক্ষী (Nilambazar Police) আৰু কৰিমগঞ্জ আৰক্ষীয়ে (Karimganj Police) জব্দ কৰিছে ম্যানমাৰৰ পৰা অহা বুজন পৰিমানৰ বাৰ্মিজ চিগাৰেট ৷ কৰিমগঞ্জৰ নতুন আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাৰ নেতৃত্বত চলা অভিযানত জিলাখনৰ নিলামবজাৰ এলেকাৰ পৰা জব্দ কৰা হয় অবৈধ উপায়ে ম্যানমাৰৰ পৰা অহা বুজন পৰিমাণৰ বাৰ্মিজ চিগাৰেট খিনি ৷

উল্লেখ্য যে, গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নিলামবজাৰ আৰক্ষী আৰু কৰিমগঞ্জ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা কায়স্থগ্ৰাম অঞ্চলত বিশেষ অভিযান চলাইছিল ৷ উক্ত অভিযানত পাথাৰকান্দি সমষ্টিৰ পৰা অহা MZ 01 P 0978 নম্বৰৰ এখন বলেৰো পিকআপ বাহন কায়স্থগ্ৰাম এলেকাত অহাৰ পিছত আৰক্ষীৰ সন্দেহ হয় । গাড়ীখনত মূলতঃ ফলমূল আছিল যদিও আৰক্ষীয়ে নিলামবজাৰ থানালৈ বাহন খন লৈ অনাৰ পিছত বিতংভাৱে পৰীক্ষা নিৰীক্ষাৰ কৰাৰ অন্তত ফলমূলৰ তলত কঢিয়াই অনা সৰ্বমূঠ চল্লিশ কাৰ্টুন বাৰ্মিজ চিগাৰেট উদ্ধাৰ হয় ৷

লগতে পঢ়ক-নিলামবজাৰত বুজন পৰিমানৰ বাৰ্মিজ চিগাৰেট জব্দ

ABOUT THE AUTHOR

...view details