কাছাৰ, 30 জুন :ৰাজ্যত অব্যাহত আছে ড্ৰাগছ (Drugs) সৰবৰাহৰ লগতে অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে অসম আৰক্ষী (Assam Police)ৰ তীব্ৰ অভিযান ৷ সমান্তৰালকৈ কাছাৰ জিলাতো আৰক্ষীয়ে (Cachar police)ও ইয়াৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷ মঙলবাৰে গোপন সূত্ৰৰ পম খেদি কাছাৰ জিলাৰ সোনাবাড়ি ঘাটৰ কাটাগাছ তলাত এক অভিযান চলায আৰক্ষীয়ে ৷ আৰক্ষীৰ এই অভিযানত শিলচৰৰ শিলদুবি এলেকাত এখন অটো বাহনৰ পৰা বৃহৎ পৰিমানৰ ড্ৰাগছ সহ এগৰাকী মহিলা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷
ইফালে ধৃত মহিলা গৰাকীয়ে পিতৃ গৃহৰ পৰা অহাৰ সময়তে এজন স্থানীয় যুৱকে এক হেজাৰ টকাৰ প্ৰলোভন দি ড্ৰাগছৰ পেকেতটো আনিবলৈ বাধ্য কৰোৱা বুলি অভিযোগ কৰিছে ৷ মহিলাগৰাকীৰ পৰা ড্ৰাগছখিনি জব্দ কৰাৰ লগতে মহিলা গৰাকীক আটক কৰি ৰংগীৰখাৰি থানালৈ (Rangirkhari police station) লৈ যায় আৰক্ষীয়ে ৷ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ জেৰাত হে ওলাই পৰিব উক্ত ঘটনাটোত আৰু কোন জড়িত হৈ আছে ৷
কাছাৰৰ উক্ত ঘটনাটোৰ অনুৰূপ ঘটনা এটা মঙলবাৰে নিশা সংঘটিত হৈছে ডিব্ৰুগড়ত ৷ ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ শইকীয়া আৰু নগৰ আৰক্ষী পৰিদৰ্শক অৰ্জুন সিঙৰ নেতৃত্বত মঙলবাৰে নিশা আৰক্ষীৰ এটা দলে ডিব্ৰুগড় চহৰৰ নতুন বজাৰৰ সমীপৰ হৰিজন কলনীত চলায় এটা অভিযান ৷