অসম

assam

ETV Bharat / crime

কাকপথাৰত খয়েৰ ভৰ্তি ট্ৰাক জব্দ - Drugs

কাকপথাৰত আৰক্ষীয়ে (Kakopothar Police) জব্দ (Seized) কৰে এখন খয়েৰ ভৰ্তি ট্ৰাক ৷ খয়েৰ খিনি অৰুণাচল প্ৰদেশৰ চৌখামৰ পৰা আনিছিল বুলি চালকজনে সদৰি কৰে ৷

One katha Loaded Truck Seized By Kakopathar Police in Tinsukia District
কাকপথাৰত খয়েৰ ভৰ্তি ট্ৰাক জব্দ

By

Published : Jul 23, 2021, 5:31 PM IST

শদিয়া, 23 জুলাই : সমগ্ৰ ৰাজ্যতেই ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান ৷ সমান্তৰালকৈ তিনিচুকীয়া জিলাতো (Tinsukia District) নিচাজাতীয় সকলো সামগ্ৰীৰ বিৰুদ্ধে সস্তম হৈ পৰিছে ৷ একেদৰে শুকুৰবাৰেও কাকপথাৰত আৰক্ষীয়ে জব্দ কৰিছে অতি মূল্যৱান খয়েৰ (কাঠা)ৰ ৰস কঢ়িওৱা এখন কন্টেনাৰ ট্ৰাক ৷ জানিব পৰা মতে তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে কাকপথাৰ আৰক্ষীয়ে (Kakopothar Police) জব্দ কৰে ট্ৰাকখন ৷ জব্দকৃত কাঠা খিনি অৰুণাচল প্ৰদেশ (Arunachal Pradesh)ৰ চৌখামৰ পৰা অনা হৈছিল বুলি বাহনখনৰ চালকজনে জানিবলৈ দিয়ে ৷

কাকপথাৰত খয়েৰ ভৰ্তি ট্ৰাক জব্দ

উল্লেখ্য যে, জব্দকৃত ট্ৰাকখনৰ সকলো বৈধ নথি পত্ৰ থকাৰ লগতে জব্দ কৰা কাঠৰ ৰসখিনিৰ নথি পত্ৰ আছে বুলি জানিবলৈ দিছে বাহনৰ চালকে ৷ জব্দ কৰা বাহন খনৰ নম্বৰ হৈছে UP 14 HT 8951 ৷ অৱশ্যে কি কাৰণত ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰি ৰাখিছে সেয়া অৱগত নহয় ৷ প্ৰকৃততে ট্ৰাক খনৰ লগতে জব্দ কৰা কাঠা খিনিৰ বৈধ নথি পত্ৰ আছেনে নাই, সেইটো এতিয়ালৈ জানিব পৰা হোৱা নাই ৷

ইফালে অসমত খয়েৰ সৰবৰাহৰ অনুমতি নাই বুলি আৰক্ষীয়ে সদৰি কৰা বুলি ট্ৰাক খনৰ চালকে জানিবলৈ দিয়ে ৷ তাৰ বাবেই জব্দ কৰা হৈছে খয়েৰ কাঠৰ ৰসসহ ট্ৰাকখন ৷ ইয়াৰ পূৰ্বে অসম অৰুণাচল সীমান্তৰ ডিৰাক গেটতো কন্টেনাৰ ট্ৰাকখন তিনি দিন ধৰি আৱদ্ধ কৰি ৰাখিছিল বুলি চালকজনে জানিবলৈ দিছে ৷ অধিক তথ্যৰ বাবে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে ওলাই পৰিব ঘটনাটোৰ প্ৰকৃত ৰহস্য ৷

লগতে পঢ়ক-সোণাৰিত অস্ত্ৰসহ তিনি নগা উগ্ৰপন্থী আটক

ABOUT THE AUTHOR

...view details