গোলাঘাট, 28 জুন :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ড্ৰাগছ মুক্ত অসম গঢ়াৰ কথা কোৱাৰ পাচতেই ৰাজ্যৰ পৰা ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী (Assam Police) ৷ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই ইতিমধ্যে ৰাজ্যৰ প্ৰশাসনিক বিভাগতো ব্যাপক ৰদবদল কৰা হৈছে ৷ প্ৰত্যকখন জিলাতে ড্ৰাগছ তথা অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰৰ পৰা তীব্ৰতৰ কৰিছে অভিযান ৷
গোলাঘাট ফৰকাটিঙত এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক ইতিমধ্যে আৰক্ষীৰ অভিযানত প্ৰতিদিনে আৰক্ষীৰ কৱলত পৰিছে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰীৰ লগতে সৰবৰাহকাৰী (Drugs paddler) ৷ তেনে এক অনুৰূপ ঘটনা এটা দেওবাৰে পোহৰলৈ আহিছে গোলাঘাটত ৷ গোলাঘাট জিলাৰ ফৰকাটিঙত আৰক্ষীয়ে এক অভিযান চলাই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী (Drugs paddler)এজনক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰীটোৰ নাম হৈছে পাপু আলি।
উল্লেখ্য যে, কিছুদিন পূৰ্বে ধৃত পাপু আলিৰ তিৰুৱাল বৰফুকন খাটৰ নিৰ্মিয়মান বাসগৃহৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে । উক্ত ঘটনাৰ পিছতে ড্ৰাগছ মাফিয়া পাপু আলি আৰক্ষী পৰা পলাই ফুৰিছিল । অৱশেষত গোলাঘাট ফৰকাটিং আৰক্ষীয়ে ফৰকাটিং অঞ্চলৰ পৰা ড্ৰাগছ মাফিয়া পাপু আলিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
পাপু আলি ড্ৰাগছৰ লগতে বহুতো অপৰাধমূলক কাৰ্যৰ লগত জড়িত আছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ পাইছে । যোৱা ২০১৯ চনৰ ২৬ ছেপ্টেম্বৰত পাপু আলিৰ ঘৰত অভিযান চলাই ঘৰৰ বিভিন্ন স্থানৰ পৰা পিষ্টল, গ্ৰেণেড, সেনাৰ পোছাক আদিও উদ্ধাৰ কৰিছিল আৰক্ষীয়ে । গোলাঘাট জিলাৰ বিভিন্ন এলেকাৰ লগতে অন্য জিলালৈও ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ আছে পাপু আলি বিৰুদ্ধে। অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক-সেনাই আটক কৰিলে প্ৰাক্তন আলফা নেতা বলীন বৰুৱাক