নগাঁও, 28 ডিচেম্বৰ : নগাঁও জিলাৰ জুৰীয়াত সংঘটিত হৈছে এক নৃশংস ঘটনা ৷ গৃহস্থৰ ঘৰৰ এটি দহ বছৰীয়া কণমানিক হত্যা কৰি ডকাইতে লুটি লৈ গ'ল ঘৰৰ সামগ্ৰী ৷ সোমবাৰে নিশা সংঘটিত হয় এই কৰুণ ঘটনা (Tragic incident in Nagaon) ৷
ঘটনা অনুসৰি, সোমবাৰে নিশা জুৰীয়াৰ পূৱ মাহেৰিপাৰ গাঁৱৰ নিবাসী ছাইদুৰ ইছলাম নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এক লোমহৰ্ষক ডকাইটি কাণ্ড(Robbery case in Ngaon) ৷ নিশা ছাইদুৰ ইছলাম নামৰ লোকজনৰ ঘৰত দুৱাৰ ভাঙি প্ৰৱেশ কৰে ডকাইত ৷ তাৰ পাচতে দুৰ্বৃত্তৰ দলটোৱে ঘৰত অকলে থকা এগৰাকী দহ বছৰীয়া শিশুক হত্যা কৰি ঘৰৰ ভিতৰতে ওলোমাই থৈ যায় (One child killed by robbers during a robbery in Juria) ৷ লগতে ঘৰত থকা সোণৰ আ-অলংকাৰ, বিভিন্ন সামগ্ৰী তথা নগদ ধন লুটপাত কৰি নিয়ে ডকাইতৰ দলটোৱে ৷ তাৰোপৰি ডকাইতৰ দলটোৱে ভাঙি লণ্ড ভণ্ড কৰি থৈ যায় ঘৰৰ আচবাব পত্ৰ আদিও ।