অসম

assam

ETV Bharat / crime

ফকিৰগঞ্জত ড্ৰাগছ সহ এজনক আটক - অতুল চন্দ্ৰ ৰায় প্ৰধানী

দীৰ্ঘদিন ধৰি ফকিৰগঞ্জ অঞ্চলৰ যুৱ চামক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া মাৰাত্মক নিচাজাতীয় টেবলেট বিক্ৰী কৰি অহাৰ তথ্য আৰক্ষীয়ে লাভ কৰি আজি এই অভিযান চলাই সাফল্য লাভ কৰে ।

ফকিৰগঞ্জত ড্ৰাগছ সহ এজনক আটক
ফকিৰগঞ্জত ড্ৰাগছ সহ এজনক আটক

By

Published : Feb 4, 2021, 8:41 PM IST

ধুুবুৰী, 4 ফেব্ৰুৱাৰী :দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ড্ৰাগছৰ অবাধ প্ৰচলন হৈ আহিছে । পান দোকানত বিক্ৰী হৈ আহিছে নিষিদ্ধ ড্ৰাগছ জাতীয় ঔষধ । আৰক্ষীৰ অভিযান বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় টেবলেট সহ আটক হয় এজন লোক ।

দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অতুল চন্দ্ৰ ৰায় প্ৰধানীৰ নেতৃত্বত ফকিৰগঞ্জ বজাৰত বৃহস্পতিবাৰে এক গোপন সুত্ৰৰ পম খেদি ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই এজন পান দোকানীক আটক কৰিবলৈ সক্ষম হয় । বজাৰখনৰ জাহান উদ্দিনৰ পানৰ দোকানৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট উদ্ধাৰ কৰাৰ লগতে জাহান উদ্দিনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । দীৰ্ঘদিন ধৰি ফকিৰগঞ্জ অঞ্চলৰ যুৱ চামক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া মাৰাত্মক নিচাজাতীয় টেবলেট বিক্ৰী কৰি অহাৰ তথ্য আৰক্ষীয়ে লাভ কৰি আজি এই অভিযান চলাই সাফল্য লাভ কৰে ।

উল্লেখ্য যে, দক্ষিণ শালমাৰা মানকাচৰ জিলাত এচাম দুষ্ট চক্ৰই ড্ৰাগছৰ অবাধ বেহা চলাইছে । এইক্ষেত্ৰত অনাগত দিনত আৰক্ষীয়ে কেনে সফলতা লাভ কৰে সেয়াই লক্ষণীয় বিষয় ।

লগতে পঢ়ক :নগাঁৱত আৰক্ষীৰ বিৰুদ্ধে ড্ৰাগছ ব্যৱসায়ীক সহায় কৰাৰ অভিযোগ

ABOUT THE AUTHOR

...view details