অসম

assam

আপোনাৰ গাড়ীখন অচিনাকী কোম্পেনীক ভাড়ালৈ দিয়ে নেকি ?

By

Published : Feb 21, 2022, 10:22 PM IST

সাৱধান ! পুনৰ সক্ৰিয় হৈছে গাড়ী চুৰি চক্ৰ (Car lifter racket in Assam) ৷ প্ৰথমে গাড়ী ভাড়া কৰি আপোনাক আদায় দিব কেবামাহৰ আগধন তাৰ পিছতে আৰম্ভ হ’ব প্ৰকৃত নাটক ৷ সবিশেষ জানো আহক ৷

car-lifter-stolen-car-from-tezpur
শোণিতপুৰত গাড়ী চুৰিৰ নতুন কৌশল

তেজপুৰ, 21 ফেব্ৰুৱাৰী : আপোনাৰ ব্যক্তিগত গাড়ী কাৰোবাক ভাড়া লৈ দিছে নেকি ! যদি দিছে সাৱধান ! বিশেষকৈ যদি এটা বিশেষ কোম্পানীৰ অধীনত কাৰোবাৰ জৰিয়তে ভাড়া দিছে তেতিয়াহ’লে আপোনাৰ গাড়ী ঘূৰাই পোৱা কঠিন । প্ৰথমে চুক্তি স্বাক্ষৰ কৰি তিনিমাহ পৰ্যন্ত মালিকক ভাড়া আদায় দিয়ে তাৰপিছতেই আৰম্ভ হয় অন্যলোকক বিক্ৰীৰ আখৰা ৷ এয়া দুধৰ্ষ গাড়ী চুৰি চক্ৰৰ এক নতুন কৌশলহে (new technic of car lifter racket) ৷

শোণিতপুৰত গাড়ী চুৰিৰ নতুন কৌশল

এই ঘটনা ঘটিছে তেজপুৰত ৷ অভিযোগ মতে , বিজু গোৱালা নামৰ প্ৰৱঞ্চকজনৰ সৈতে লগ হৈ মুখতাৰ, দিলদাৰ, বাছা খান ,আলাউদ্দিন আৰু বিশ্বজিত সৰকাৰৰৰ জালত পৰিছে এনে বহু লোক ৷ এই দুধৰ্ষ গাড়ী চুৰি চক্ৰটোই বাগানত গাড়ী ভাড়া দিব বুলি চুক্তিবদ্ধ হৈ মালিক পক্ষৰ পৰা গাড়ী লৈ যায় (Car stolen car from Tezpur) ৷ পিছে এই পৰ্যন্ত অধিকাংশ গাড়ী ভাড়াত লৈ যোৱাৰ পিছত ঘূৰাই পোৱা নাই মালিক পক্ষই ।

যাৰ ফলত ক্ষোভিত হৈ পৰে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা (Tezpur regional students' union)। লগতে অকলে তেজপুৰৰ পৰাই 50 খনৰো অধিক গাড়ী ভাড়াত লৈ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই ৷ যাৰ ফলত হাহাকাৰ লাগিছে এই গাড়ীকেইখনৰ মালিকৰ মাজত ৷

এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দুশৰো অধিক গাড়ী হৰলুকি কৰিছে৷ তথাপিও এতিয়াপৰ্যন্ত অপৰাধীক আৰক্ষীয়ে ধৰিব নোৱাৰাত ক্ষোভ প্ৰকাশ কৰিছে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই ৷ ইতিমধ্যে এক সংবাদ মেল যোগে আছু নেতৃত্বই এই অপৰাধী চক্ৰক উচি শাস্তি বিহিবলৈ দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মা পুলিচৰ সেনাপতি আখ্যা সাংসদ অজিত কুমাৰ ভূঞাৰ

ABOUT THE AUTHOR

...view details