নেচনেল ডেস্ক, 9 এপ্ৰিল : ড্ৰাগছ চিণ্ডিকেট আৰু সৰবৰাহৰ বিৰুদ্ধে নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰো ব্যুৰো (এনচিবি) য়ে মুম্বাইৰ ডংৰি অঞ্চলত অভিযান চলাই ইক্ৰা আব্দুল গফ্ফাৰ কুৰেছি নামৰ এগৰাকী ২২ বছৰীয়া মহিলাক গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীয়ে নগদ ১.৫ লাখ টকা ধন আৰু মেফেড্ৰোন নামৰ এবিধ নিষিদ্ধ সামগ্ৰীও জব্দ কৰিছে ৷ ড্ৰাগছ সৰবৰাহত অভিযুক্ত চিনকু আৰু ইজাজক গ্ৰেপ্তাৰ কৰাৰ পাছত সোধা-পোছাৰ সময়ত মহিলাগৰাকীৰ নাম পোহৰলৈ আহে ৷
ড্ৰাগছ সৰবৰাহৰ অপৰাধত ২২ বছৰীয়া মহিলা গ্ৰেপ্তাৰ - মুম্বাই আৰু ইয়াৰ উপনগৰ অঞ্চল
ড্ৰাগছ চিণ্ডিকেট আৰু সৰবৰাহৰ বিৰুদ্ধে নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰো (এনচিবি) য়ে মুম্বাইৰ ডংৰি অঞ্চলত অভিযান চলাই ইক্ৰা আব্দুল গফ্ফাৰ কুৰেছি নামৰ এগৰাকী ২২ বছৰীয়া মহিলাক গ্ৰেপ্তাৰ কৰিছে ৷ জানিব পৰা মতে, আণ্ডাৰৱৰ্ল্ডৰ বজাৰৰ লগত সু সম্পৰ্ক ৰক্ষাকাৰী চিংকু পাঠান নামৰ এজন ব্যক্তিৰ পৰা মহিলাগৰাকীয়ে ঔষধ ক্ৰয় আৰু বিক্ৰী কৰিছিল ৷
জানিব পৰা মতে, আণ্ডাৰৱৰ্ল্ডৰ বজাৰৰ লগত সু সম্পৰ্ক ৰক্ষাকাৰী চিংকু পাঠান নামৰ এজন ব্যক্তিৰ পৰা মহিলাগৰাকীয়ে ঔষধ ক্ৰয় আৰু বিক্ৰী কৰিছিল ৷ চহৰখনত চলি থকা ড্ৰাগছ চিণ্ডিকেটৰ লগত জড়িত আন কেইগৰাকীমান মহিলাৰ সৈতে মিলি ইক্ৰা কুৰেছিয়ে ড্ৰাগছ ব্য়ৱসায় চলাই গৈছিল ৷ এনচিবিয়ে চহৰখনৰ চাৰিটা বিশেষ স্থানত অভিযান চলাইছিল । অভিযানৰ পিছত, ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । উল্লেখ্য যে, মুম্বাই আৰু ইয়াৰ উপনগৰ অঞ্চল সমূহত ড্ৰাগছৰ বিপদ নিয়ন্ত্ৰণ কৰিবলৈ সতৰ্কতা তীব্ৰ কৰি তুলিছে সংস্থাটোৱে ৷ যোৱা কেইমাহমানত ইতিমধ্যে আৰক্ষীয়ে কেইবাটাও অভিযান চলাই ড্ৰাগ সৰবৰাহৰ লগত জড়িত ভালেকেইজন লোকক গ্ৰেপ্তাৰ কৰিছে।
লগতে পঢ়ক :জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভাতৃসহ স্থানীয়ক আত্মসমৰ্পণৰ বাবে মছজিদলৈ প্ৰেৰণ