অসম

assam

ETV Bharat / crime

নক্সালে হত্যা কৰিলে অপহৃত আৰক্ষী বিষয়াক

ছত্তিশগড়ত নক্সালে হত্যা কৰিলে এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকক ৷ তিনিদিন পূৰ্বে নিজ বাসগৃহৰ পৰা অপহৰণ কৰা হৈছিল আৰক্ষী বিষয়াগৰাকীক ৷ তেওঁৰ মৃতদেহৰ সৈতে উদ্ধাৰ হৈছে নক্সালে প্ৰেৰণ কৰা এখন পত্ৰ ৷

By

Published : Apr 24, 2021, 8:06 PM IST

আৰক্ষীক অপহৰণ কৰি হত্যা নক্সালবাদীৰ
আৰক্ষীক অপহৰণ কৰি হত্যা নক্সালবাদীৰ

নেচনেল ডেক্স, 24 এপ্ৰিল : তিনিদিন পূৰ্বে ছত্তিশগড়ৰ বিজাপুৰৰপৰা নক্সালে অপহৰণ কৰিছিল এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকক ৷ অপহৃত আৰক্ষী উপ-পৰিদৰ্শক মুৰলি তাঁতীক ইতিমধ্য়ে নক্সালে হত্যা কৰা বুলি জানিবলৈ দিছে বিজাপুৰৰ আৰক্ষী অধীক্ষক কামলোচন কাশ্যপে ৷ তিনিদিন পূৰ্বে পালনাৰত থকা বাসগৃহৰপৰা নক্সালে অপহৰণ কৰিছিল মুৰলী তাঁতীক ৷ অপহৃত আৰক্ষী বিষয়া মুৰলী তাঁতীৰ মৃতদেহ বিজাপুৰ জিলাৰ গংগালুৰৰ এখন গাঁৱৰ সমীপত উদ্ধাৰ হয় ৷

আৰক্ষীক অপহৰণ কৰি হত্যা নক্সালবাদীৰ

মৃতদেহৰ সৈতে এখন পত্ৰ উদ্ধাৰ কৰা হয় য’ত আৰক্ষী বিষয়াজনক জনতাৰ আদালতৰ সিদ্ধান্ত অনুসৰি মৃত্যুদণ্ড দিয়া হয় বুলি উল্লেখ কৰে নক্সালবাদীয়ে ৷ উল্লেখ্য যে , এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত নক্সালবাদীৰ আক্ৰমণৰ ফলত 22 জন সুৰক্ষা কৰ্মী নিহত হোৱাৰ ওপৰিও 30 জনকৈ জোৱান আহত হৈছিল ছত্তিশগড়ত ৷

লগতে পঢ়ক :ডিব্ৰুগড়ত পুনৰ এজনৰ কৰ'ণাত মৃত্যু

ABOUT THE AUTHOR

...view details