অসম

assam

ETV Bharat / crime

নামছাঙত চুলাই সহ ছয় জন সৰবৰাহকাৰীক আটক - লালী গুৰ

নামছাং চাহ বাগিচাত শনিবাৰে নিশা প্ৰায় 210 লিটাৰ চুলাই মদ সহ ছয় জন সৰবৰাহকাৰীক আটক কৰে ৰাইজে ৷ ইতিমধ্যে ধৃত সৰবৰাহকাৰী কেইটাক জয়পুৰ আৰক্ষীক চমজাই দিয়ে ৰাইজে ৷

Namsang public seized 210 litters of illicit liquor
নামছাঙত ৰাইজে আবদ্ধ কৰি আৰক্ষীক গটালে চুলাই সহ ছয়জন সৰবৰাহকাৰীক

By

Published : Jul 4, 2021, 9:26 PM IST

নাহৰকটীয়া, 4 জুলাই : নাহৰকটীয়া সমষ্টিৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ জয়পুৰ অঞ্চলত অবৈধ সুৰাৰ প্ৰয়োভৰ বৃদ্ধি পাবলৈ ধৰিছে ৷ শনিবাৰে নিশা জয়পুৰ থানাৰ অন্তৰ্গত নামছাং চাহ বাগিচাৰ পৰিচালক, গাঁওৰক্ষী বাহিনী, বাগিচা শ্ৰমিক ইউনিয়ন আৰু নামচাং চাহ বাগিচা মদ নিবাৰণ সমিতিৰ উমৈহতীয়া প্ৰচেষ্টাত প্ৰায় 210 লিটাৰ চুলাই মদ সহ অবৈধ চুলাই মদ যোগান ধৰা এটা চক্ৰক হাতে লোটে ধৰিবলৈ সক্ষম হয় । ইতিমধ্যে চুলাই মদ সহ সৰবৰাহকাৰী কেইটাক জয়পুৰ আৰক্ষীক চমজাই দিয়াত আৰক্ষীয়ে ছয়জনীয়া দলটোক আটক কৰি জয়পুৰ থানালৈ লৈ যায় ৷

অভিযুক্ত লোককেইজন ক্ৰমে বেতনি গাঁ‌ৱৰ বিকুল মেছ(২৭),শংকৰ পানিকা(৩৪),লাপা তুডু(৫৫),ভানু মালিক(৫৫),ল'ব মেছ(২৭) আৰু প্ৰদীপ গগৈ(৫৫) ক জব্দ কৰা 210 লিটাৰ চুলাই মদসহ নাহৰকটীয়া আৱকাৰী বিভাগক চমজাই দিয়ে ৷ আৱকাৰী বিভাগে আৱকাৰী আইনৰ ৫৩(১)(এ) ধাৰাৰ অধীনত ১২০/২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি ধৃত সৰবৰাহকাৰী দলটোক নাহৰকটীয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে । আদালতে লোককেইজনক আজি ন্যায়িক জিম্মাত ডিব্ৰুগড় জে'ল হাজোতলৈ প্ৰেৰণ কৰে ।

নামছাঙত ৰাইজে আবদ্ধ কৰি আৰক্ষীক গটালে চুলাই সহ ছয়জন সৰবৰাহকাৰীক

উল্লেখ্য যে, 2019 চনৰ ফেব্ৰুৱাৰীত লালি গুড়ৰ পৰা নিৰ্মিত চুলাই মদ খাই গোলাঘাটত আৰু যোৰহাট জিলাত 168 জনৰো অধিক লোকৰ প্ৰাণ যোৱাত আৰক্ষী আৰু আবকাৰী বিভাগে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ অভিযান চলাই অবৈধ সুৰাৰ ঘাটি উৎখাত কৰাৰ লগতে বহুলোকক গ্ৰেপ্তাৰো কৰিছিল ৷

মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে ড্ৰাগছ মুক্ত অসম গঢ়া কথা উল্লেখ কৰে ৷ ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে ৰাজ্যজুৰি বিভিন্ন অপৰাধ মূলক কাৰ্যকলাপ বিৰুদ্ধে তৎপৰ হোৱা পৰিলক্ষিত হৈছে অসম আৰক্ষী ৷ কিন্তু আৰক্ষীৰ এই অভিযানৰ পাচতো গাঁও সমূহ অবৈধ সুৰাৰ বেহা গোপনে চলি থকা পৰিলক্ষিত হৈছে ৷ গোলাঘাট সুৰা ট্ৰেজেদীৰ পৰা কোনো ধৰণৰ জ্ঞান নোলোৱা আৱকাৰী বিভাগটোৰ সোপা ঢিলা নীতিৰ বাবেই নিতৌ চুলাই মদ আৰু লালি গুড়ৰ ৰমৰমীয়া বেহা চলি থকাৰ অভিযোগ উঠিছে ।

লগতে পঢ়ক-৪ মাহে দৰমহা লাভ কৰা নাই স্বাস্থ্য বিভাগৰ অস্থায়ী কৰ্মচাৰীয়ে

ABOUT THE AUTHOR

...view details