অসম

assam

ETV Bharat / crime

কিয় আনন্দ মিশ্রৰ প্ৰশংসাৰ পাত্ৰ হ'ল SI তৰংগ পাটোৱাৰী ?

শুকুৰবাৰে নিশা হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীয়ে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত হয়বৰগাঁও হাইস্কুলৰ সমীপত এক অভিযান চলায় ৷ এই অভিযানত আৰক্ষীৰ দলটোৱে ঝাৰখণ্ডৰ পৰা অহা দুই চোৰক আটক কৰাৰ লগতে জব্দ কৰে শতাধিক ম’বাইল ফোন ৷

By

Published : Nov 6, 2021, 5:39 PM IST

nagaon-police-arrested-two-thieves
আনন্দ মিশ্রৰ প্ৰশংসাৰ পাত্ৰ হ'ল এছ আই তৰংগ পাটোৱাৰী

নগাঁও, 6 নৱেম্বৰ:শেহতীয়াকৈ নগাঁৱত গঢ় লৈ উঠিছে ম'বাইল চুৰিৰ এক বৃহৎ নেটৱৰ্ক ৷ শুকুৰবাৰে নিশা হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীয়ে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত হয়বৰগাঁও হাইস্কুলৰ সমীপত এক অভিযান চলায় ৷

এই অভিযানত নগাঁও আৰক্ষীয়ে আটক কৰে ঝাৰখণ্ডৰ দুটাকৈ চোৰক ৷ চোৰ দুজনে ঝাৰখণ্ডৰ পৰা আহি নগাঁৱত বাহৰ পাতি একাংশ শিশুক ব্যৱহাৰ কৰি ম'বাইল চুৰিৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছিল ৷ এই অভিযানত আৰক্ষীয়ে জব্দ কৰে 134 টাকৈ এন্ড্ৰয়েদ ম'বাইল ৷

আনন্দ মিশ্রৰ প্ৰশংসাৰ পাত্ৰ হ'ল এছ আই তৰংগ পাটোৱাৰী

জানিব পৰা মতে , আটক কৰা যুৱক দুজনক সোধ পোছ কৰাৰ সময়তেই যুৱক দুজনে আৰক্ষীৰ দলটোৰ নেতৃত্বত থকা হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীক দুই লাখ টকাৰ উৎকোচ দিবলৈ চেষ্টা কৰে । কিন্তু আৰক্ষী বিষয়া পাটোৱাৰীয়ে উৎকোচ লোৱাৰ বিপৰীতে সততাৰ পৰিচয় দি দুয়োজন চোৰক গ্ৰেপ্তাৰ কৰে ৷

আনন্দ মিশ্রৰ প্ৰশংসাৰ পাত্ৰ হ'ল এছ আই তৰংগ পাটোৱাৰী

ধৃত চোৰকেইজনৰ নাম চনু কুমাৰ ননীয়া আৰু ৰাজ কুমাৰ ননীয়া বুলি জানিব পৰা গৈছে ৷ এই ম'বাইল ফোনসমূহ ডিমাপুৰত বিক্ৰীৰ বাবে সাঁজু কৰা হৈছিল ৷ এই সফলতাৰ বাবে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ ভূয়সী প্ৰশংসা কৰে ৷ লগতে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ সততাৰ শলাগ লয় ৷

লগতে পঢ়ক : মাণিকপুৰত দুই জুৱাৰী কৰায়ত্ত

ABOUT THE AUTHOR

...view details