অসম

assam

ETV Bharat / crime

ফটকা ফুটাই আনন্দ কৰি থকাৰ পিছতে হঠাতে কেনেকৈ মৃত্যু হ’ল মহিলাৰ ? - domestic violence

কালীপূজাৰ নিশা ধুবুৰীৰ এগৰাকী মহিলাৰ মৃত্যুক লৈ ৰহস্য । স্বামী পক্ষৰ মতে দীৰ্ঘ দিনে ৰোগাক্ৰান্ত অৱস্থাত আছিল মহিলা গৰাকী । আনহাতে, মাৰপিট কৰি হত্যা কৰাৰ অভিযোগ মহিলা গৰাকীৰ পিতৃ পৰিয়ালৰ ।

mysterious-death-of-a-lady-in-dhuburi
ফটকা ফুটাই আনন্দ কৰি থকাৰ পিছতে হঠাতে কেনেকৈ মৃত্যু হ’ল মহিলাৰ ?

By

Published : Nov 5, 2021, 10:40 PM IST

ধুবুৰী, 5 নৱেম্বৰ : কালীপূজাৰ নিশা ধুবুৰী চহৰৰ ঘোষ পাৰা অঞ্চলত চুমকি দত্ত নামৰ এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ । প্ৰতিবেশীয়ে সদৰি কৰা তথ্য অনুসৰি নিশা স্বামী স্ত্ৰীয়ে ঘৰৰ সন্মুখত ফটকা ফুটাই আনন্দ উপভোগ কৰিয়েই আছিল প্ৰতিবেশীৰ সৈতে । তাৰ পিছতেই হঠাৎ নিশা প্ৰায় এঘাৰ মান বজাত অচেতন অৱস্থাত মহিলা গৰাকীক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় স্বামী পৰিয়ালে । চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছতেই চিকিৎসকে মৃত ঘোষণা কৰে মহিলা গৰাকীক ।

ফটকা ফুটাই আনন্দ কৰি থকাৰ পিছতে হঠাতে কেনেকৈ মৃত্যু হ’ল মহিলাৰ ?

ইপিনে মহিলা গৰাকীৰ মৃত্যুৰ খবৰ পাই মাজ নিশা চিকিৎসালয়ত উপস্থিত হয় মহিলা গৰাকীৰ পিতৃ পৰিয়ালৰ লোক । পিতৃ পৰিয়ালে লগে লগে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, যৌতুক হিচাপে সোণৰ গহনা আদায় নিদিয়াৰ বাবেই প্ৰায়েই স্বামী অভিলাষ ঘোষে নিজৰ মাতৃৰ সৈতে মিলি মাৰপিট কৰি আহিছিল পত্নী চুমকি দত্তক ।

একেদৰে বৃহস্পতিবাৰে নিশাও চুমকিক মাৰপিট কৰি স্বামী অভিলাষে নিজৰ মাতৃৰ সৈতে মিলি পত্নীক হত্যা কৰাৰ অভিযোগ তোলে ভুক্তভোগী মহিলা গৰাকীৰ পিতৃয়ে । এই ঘটনা সংক্ৰান্তত ইতিমধ্যে এখন এজাহাৰ দাখিল কৰিছে চুমকি দত্তৰ পিতৃ বাবলু দত্তই । উল্লেখ্য যে, প্ৰায় সাত মাহ মান পূৰ্বে দুয়োৰে ভালপোৱাৰ ভিত্তিত সামাজিক বিবাহ সম্পন্ন হৈছিল ।

স্বামীৰ সৈতে সুখৰ সংসাৰ গঢ়াৰ সপোন লৈ স্বামীগৃহত ভৰি দিছিল চুমকি দত্তই । যদিও বিবাহৰ পিছৰে পৰা চুমকি দত্তৰ বৈবাহিক জীৱনলৈ নামি আহে অমানিশাৰ ঘোৰ অন্ধকাৰ । শেহতীয়াকৈ চুমকি দত্তক হত্যাৰ অভিযোগ তুলি পিতৃ বাবলু দত্তই দাখিল কৰা এজাহাৰৰ ভিত্তিত স্থানীয় বি এন কলেজ নগৰ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি স্বামী অভিলাষ ঘোষ আৰু তেওঁৰ মাতৃ গীতা ঘোষক আটক কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী : তেজপুৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ABOUT THE AUTHOR

...view details