অসম

assam

By

Published : Mar 22, 2022, 10:56 PM IST

ETV Bharat / crime

স্বামীক এৰি গেছ পাইপলাইনৰ টকা লৈ প্ৰেমিকৰ সৈতে উধাও দুই সন্তানৰ মাতৃ !

হেলেমৰ জৰিগুৰিৰ ফনীধৰ মিলিয়ে শেহতীয়াকৈ ইন্দ্ৰধনুষ গেছ পাইপলাইনৰ পৰা ৬ লাখ ৬০ হাজাৰ টকা লাভ কৰিছিল ৷ টকাখিনি পোৱাৰ পিছতে মিলিৰ 16 বছৰীয়া সংসাৰত লাগিলে কেনা (Money came between husband wife) ৷ কেনেকৈ? জানো আহক ঘটনাৰ সবিশেষ ৷

mother-of-two-disappears-with-lover-taking-money-from-husband
স্বামীক এৰি গেছ পাইপলাইনৰ টকা লৈ প্ৰেমিকৰ সৈতে উধাও দুই সন্তানৰ মাতৃ !

বিশ্বনাথ, ২২ মাৰ্চ : প্ৰেম এক স্বৰ্গীয় অনুভূতি! প্ৰেমৰ বাবে আন হে নালাগে জীৱনেই ত্যাগ কৰা বহুজনৰ উদাহৰণ আপুনিও হয়তো দিব পাৰিব ৷ কিন্তু, একেই প্ৰেম কেতিয়াব হৈ পৰে বিনাশকামী ৷ বিনাশকামী প্ৰেমৰ পথত খোজ দি পথভ্ৰষ্ট হোৱা বহুজনৰ উদাহৰণো বিৰল নহয় ৷ বিশেষকৈ এটা সম্পৰ্কত যেতিয়া লোভৰ প্ৰৱেশ ঘটে কি শুদ্ধ কি ভূল সকলো পাহৰি পেলায় বহুজনে ৷ তেনেই এক ঘটনা আজি লৈ আহিছো আপোনাৰ বাবে৷ ঘটনাৰ কেন্দ্ৰ এইখন অসমৰে বিশ্বনাথ জিলাৰ হেলেমৰ জৰিগুৰি ৷

এই অঞ্চলৰে বাসিন্দা ফনীধৰ মিলি । শেহতীয়াকৈ ইন্দ্ৰধনুষ গেছ পাইপলাইনৰ পৰা ৬ লাখ ৬০ হাজাৰ টকা লাভ কৰিছিল মিলিয়ে৷ পিছে এই টকাৰে ঘৰখনৰ উত্তৰণৰ সপোন দেখা মিলিৰ সপোন হৈয়ে ৰ’ল ৷ গেছ পাইপলাইনৰ পৰা মিলিয়ে লাভ কৰা টকা কেইটাত আনৰ নহয় চকু পৰিল খোদ তেওঁৰ পত্নী ৰেখাৰ৷ এইখিনিতে আপোনাক জনাই থোৱা ভাল হ’ব যে, ফনীধৰ মিলি আৰু পত্নী ৰেখা দলেই বিগত ১৬ বছৰে চলাই আহিছে সুখৰ সংসাৰ ৷

স্বামীক এৰি গেছ পাইপলাইনৰ টকা লৈ প্ৰেমিকৰ সৈতে উধাও দুই সন্তানৰ মাতৃ !

দুয়োৰে সংসাৰৰ চিন স্বৰূপে আছে এটি পোন্ধৰ বছৰীয়া পুত্ৰ আৰু এজনী বাৰ বছৰীয়া কন্যা সন্তান ৷ পিছে সময় সলনি হয়, সলনি হোৱা সময়ৰ সৈতে সলনি হয় মানুহৰ মনো সলনি হয়৷ অভিযোগ মতে, ঘৰলৈ ধন অহাৰ লগে লগেই সমুদায় ধন একাউণ্টৰ পৰা উলিয়াই গোলাঘাটৰ ৰঙাগড়াৰ জনৈক অনিল দলে নামৰ এজন পুৰুষৰ সৈতে সপোনৰ সংসাৰ কৰিবলৈ যোৱা ১৩ মাৰ্চ তাৰিখে পলায়ন কৰিলে ৰেখাই (woman disappears with lover taking money from husband ) ৷

সম্প্ৰতি দুটি সন্তানক বুকুত বান্ধি এক বেদনাদায়ক জীৱন অতিবাহিত কৰিছে স্বামী ফনীধৰে ৷ আনহাতে, সন্তানৰ ভৱিষ্যতৰ বাৱেই পত্নী ৰেখাক পুনৰ গৃহলৈ উভটি অহাৰ আহ্বান জনাইছে অসহায় স্বামী ফনিধৰে৷ উপায়হীন হৈ ইতিমধ্যে, এই সম্পৰ্কে হেলেম আৰক্ষী থানা, বিহালী আৰক্ষী থানা, গোলাঘাট আৰক্ষী থানাত পৃথকে পৃথকে তিনিখনকৈ এজাহাৰো দাখিল কৰিছে ভুক্তভোগী স্বামী গৰাকীয়ে ।

লগতে পঢ়ক :তামুলপুৰত তামোল চোৰৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details