অসম

assam

ETV Bharat / crime

ৰহাত মাতাল পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ - ধেমাজী গাঁও

ৰহাৰ ধেমাজী গাঁৱত পুত্ৰৰ হাতত প্ৰাণ গ'ল নিজ মাতৃৰ ৷ বৃহস্পতিবাৰে নিশা শুই থকা অৱস্থাতেই ডিঙি চেপি হত্যা কৰে পুত্ৰই । নগাঁও জিলাৰ ৰহাত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এই নিসংশ হত্যাকাণ্ড ৷

Mother killed By own son At Roha, Nagaon District
ৰহাত মাতাল পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ

By

Published : Jul 2, 2021, 3:21 PM IST

ৰহা,2 জুলাই:নগাঁও জিলাৰ ৰহাৰ ফুলগুৰিৰ ধেমাজী গাঁৱত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক নিসংশ হত্যাকাণ্ড ৷ ঘটনা অনুসৰি ধেমাজী গাঁৱৰ পল্লৱ শইকীয়া নামৰ 30 বছৰীয়া যুৱকজনে নিশা শুই থকা অৱস্থাতেই নিজ মাতৃ সাধনী শইকীয়া (65)ক ডিঙি চেপি হত্যা কৰে । উক্ত ঘটনাটো বৃহস্পতিবাৰে নিশা প্ৰায় 2 বজাত সংঘটিত হোৱা বুলি স্থানীয় লোকে সদৰি কৰিছে । উক্ত ঘটনাটো সংঘটিত হোৱাৰ পাছতেই ৰহা আৰক্ষীক স্থানীয় লোকে অৱগত কৰে ৷ ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত পল্লৱক আটক কৰে আৰক্ষীয়ে ।

ইফালে স্থানীয় লোকে সদৰি কোৱা মতে, দীৰ্ঘ দিনৰ পৰাই পল্লৱে মাদক দ্ৰব্য সেৱন কৰি আহিছে আৰু সুৰা আসক্ত পল্লৱে যিকোনো সৰু বৰ কথাত প্ৰায়ে নিজৰ মাতৃ সাধনী শইকীয়াৰ সৈতে তৰ্কত লিপ্ত হয় । ঘটনা সংঘটিত হোৱাৰ নিশাও নিচাসক্ত পল্লৱে মাকৰ সৈতে কোনো কাৰণত মাতৃৰ সৈতে কাজিয়া কৰিছিল । অৱশ্যে তৰ্ক বিতৰ্ক হোৱাৰ পিছত ভাত-পানী খাই দুয়ো শুইছিল যদিও নিশা প্ৰায় দুই মান বজাত পল্লৱে নিজ মাতৃক বিচনাত শুই থকা অৱস্থাতেই ডিঙি চেপি হত্যা কৰে ।

অন্য এক সূত্ৰৰ পৰা জানিব পৰা মতে, পল্লৱে এগৰাকী যুৱতীক ভাল পাইছিল আৰু বিয়া কৰিব বিচাৰিছিল যদিও পল্লৱৰ মাতৃয়ে ইয়াৰ বিৰোধিতা কৰিছিল । এই কথাক লৈয়ে মাতৃ গৰাকীৰ সৈতে পল্লৱৰ প্ৰায়ে তৰ্ক হৈছিল আৰু শেষত পল্লৱে বৃহস্পতিবাৰে নিশা মাতৃক শুই থকা অৱস্থাতেই ডিঙি চেপি হত্যা কৰে । অৱশ্যে আৰক্ষীৰ তদন্তৰ শেষতহে এই হত্যাকাণ্ডৰ আঁৰৰ ৰহস্য পোহৰলৈ আহিব ।

ইতিমধ্যে ৰহা আৰক্ষীয়ে সাধনী শইকীয়াৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । আনহাতে মাতৃ হত্যাকাণ্ডত অভিযুক্ত পল্লৱৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ উক্ত ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য়ই বিৰাজ কৰিছে ৷

লগতে পঢ়ক-নগাঁৱত কি কলে অখিল গগৈয়ে ?

ABOUT THE AUTHOR

...view details