অসম

assam

ETV Bharat / crime

Moral police: বিজেপি নেতাৰ নেতৃত্বত মহিলাক তালিবানি শাস্তি - allegations of prostitution

দেশৰ ভিতৰতে তৃতীয় স্থান দখল কৰি স্মাৰ্ট পুলিচিং(smart policing)ৰ ক্ষেত্ৰত ৰাজ্যলৈ সুনাম কঢ়িয়াইছে অসম আৰক্ষীয়ে ৷ কিন্তু, একে সময়তে ৰাজ্যত চলিছে মৰেল পুলিচ(Moral police)ৰ ঘটনা ৷ জানো আহক কোন বিজেপি নেতাৰ নেতৃত্বত সংঘটিত হৈছে এই ঘটনা ৷

moral-police-case-in-hojai
Moral police: বিজেপি নেতাৰ নেতৃত্বত মহিলাক তালিবানি শাস্তি

By

Published : Nov 23, 2021, 7:18 PM IST

হোজাই, 23 নবেম্বৰ :ৰাজ্যৰ আৰক্ষী বিভাগে স্মাৰ্ট পুলিচিং(smart policing)ৰ ক্ষেত্ৰত দেশৰ ভিতৰতে তৃতীয় স্থান দখল কৰি সুনাম কঢ়িওৱাৰ সময়তে ৰাজ্যখনত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিং(Moral police)ৰ ঘটনা ৷ শেহতীয়াকৈ হোজাই জিলাৰ লংকা কাকীৰ দহেজাৰ বিঘা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ গাঁওখনৰ দুগৰাকীকৈ মহিলাক তালিবানি শাস্তি(Taliban torture methods) প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে এদল মহিলাৰ বিৰুদ্ধে ৷

Moral police: বিজেপি নেতাৰ নেতৃত্বত মহিলাক তালিবানি শাস্তি

অভিযোগ অনুসৰি, ঘৰত আন কোনো উপস্থিত নথকা অৱস্থাত ঘৰৰ ভিতৰৰ পৰা মহিলা দুগৰাকীক টানি ওলিয়াই আনি গুৰুলা-গৰুল কৈ প্ৰহাৰ কৰে মহিলাৰ দলটোৱে । গৃহস্থৰ অনুপস্থিতিত অন্য পুৰুষৰ লগত দেহ ব্যৱসায়(allegations of prostitution) কৰাৰ অভিযোগত গাঁৱৰ ৰাইজে এনেদৰে প্ৰহাৰ কৰিলে দুই মহিলাক । গুৰুত্বপূৰ্ণ কথা যে, এই ঘটনাৰ নেতৃত্ব প্ৰদান কৰাৰ অভিযোগ উঠিছে গাঁওখনৰে এজন বিজেপি দলৰ পালি নেতাৰ বিৰুদ্ধে ৷

অভিযোগ মতে, মাৰপিট কৰিবলৈ হোজাইৰ বিজেপি কাকী মণ্ডলৰ উপ সভাপতি জয়ন্ত নাথ নামৰ লোক জনে উচতনি দিছিল ৰাইজক ৷ মৰেল পুলিচৰ এই ঘটনা সংক্ৰান্তত ইতিমধ্যে কাকী মণ্ডলৰ উপ-সভিপতি জয়ন্ত নাথ সহ তিনিজনক কাকী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ পিছে গোচৰ ৰুজু কৰি বৰ্তমান তিনিওকে জামিনত মুকলি কৰি দিছে কাকী আৰক্ষীয়ে ৷

লগতে পঢ়ক :Gram Panchayat Corruption: পঞ্চায়তৰ সভাপতি পদৰ পৰা বহিষ্কাৰ

ABOUT THE AUTHOR

...view details