কোকৰাঝাৰ, ১৫ মে : কোকৰাঝাৰ চহৰৰ নাতিদূৰৈৰ চৰাইখোলাস্থিত সপ্তম অসম বেটেলিয়নৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শোভা ঠাকুৰে (৫৩) দীৰ্ঘদিন ধৰি নাৱালিকা এগৰাকীক ধৰ্ষণ কৰি অহাৰ ঘটনা শেহতীয়াভাৱে পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । কোকৰাঝাৰ সদৰ থানাত শিশু কল্যাণ সমিতিৰ সদস্য প্ৰীতম ব্ৰহ্ম চৌধুৰীয়ে দাখিল কৰা এজাহাৰ অনুসৰি সপ্তম অসম বেটেলিয়নৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শোভা ঠাকুৰে (৫৩) দীৰ্ঘদিন ধৰি নাৱালিকা এগৰাকীক ধৰ্ষণ কৰি আহিছিল ।
দ্বাদশ শ্ৰেণীত পঢ়ি থকা নাৱালিকা গৰাকীক দীৰ্ঘদিন ধৰি শোভা ঠাকুৰে ধৰ্ষণ কৰি অহাৰ পৰিণতিতে নাৱালিকাগৰাকীয়ে দুবাৰকৈ আত্মহত্যাৰ চেষ্টা চলাইছিল আৰু ঘটনা সন্দৰ্ভত নিজ পিতৃ-মাতৃক অৱগত কৰিছিল যদিও কোনো সুফল লাভ কৰা নাছিল । অৱশেষত উক্ত দুৰ্বিষহ জীৱনৰ পৰা মুক্তি লাভৰ আশাৰে সমগ্ৰ ঘটনা সন্দৰ্ভত যুৱতী গৰাকীয়ে এগৰাকী বান্ধৱীক ওৱাটচএপ যোগে অৱগত কৰাৰ পিছতেই ঘটনাটো পোহৰলৈ আহে ।