গুৱাহাটী, 6 ডিচেম্বৰ:ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড আমিৰ আলীক গ্ৰেপ্তাৰ (Ranjit Bora murder case)। সোমবাৰে নিশা মৰিগাঁও জিলাৰ বৰিগাঁৱৰ পৰা আমিৰ আলীক আটক আৰক্ষীৰ (Amir Ali arrested) । দীৰ্ঘদিন ধৰি বৰিগাঁৱৰ শহুৰেকৰ ঘৰত আশ্ৰয় লৈ আছিল ধৃত আমিৰ আলীয়ে । মৰিগাঁও সদৰ আৰক্ষীয়ে নিশা আটক কৰিছিল আমিৰ আলীক (Morigaon Police arrested Amir Ali) । ধৃত আমিৰ আলীৰ ঘৰ গুৱাহাটীৰ পাঞ্জাবাৰীত ।
নিশাই আমিৰ আলীক মৰিগাঁও সদৰ আৰক্ষীৰ পৰা জিন্মাত লৈ মঙলবাৰে গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে (Guwahati city police) । ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল আমিৰ আলী । ৰঞ্জিত বৰাক গুলীয়াবলৈ চুপাৰি দিছিল আমিৰ আলীয়ে (Mastermind of Ranjit Bora Murder) । লক্ষ্যণীয় কথাটো হ’ল যে, বিভিন্ন সময়ত আৰক্ষীৰ ইনফৰ্মাৰ হিচাপেও আছিল আমিৰ । আনহাতে আমিৰে ব্যৱহাৰ কৰা বাইক আৰু ৰঞ্জিত বৰাৰ হত্যাত ব্যৱহৃত বাইকখনৰ আছে সম্পূৰ্ণ সাদৃশ্য ৷ সম্প্ৰতি সেই বাইকখন আছে মৰিগাঁৱৰ শহুৰেকৰ ঘৰত ৷
ইফালে ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত নজৰুল নামৰ আন এজনৰ লগতে কেইবাজনীয়া দল জড়িত হৈ থকাৰ কথা সদৰি কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ তথ্য অনুসৰি অভিযুক্ত আটাইকেইজন গুৱাহাটীৰ পাঞ্জাবাৰীৰ নিবাসী ৷ হত্যাকাণ্ডত নজৰুল জড়িত থকাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰিছে মাষ্টাৰ মাইণ্ড আমিৰ আলীয়ে (Amir Ali confessed the crime) ৷