নেশ্যনেল ডেস্ক,২৭ মাৰ্চ: ঝাৰখণ্ডৰ লাতেহাৰৰ এখন চিকিৎসালয় এজন অজ্ঞাত ব্যক্তিয়ে এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাক ধৰ্ষণ কৰে । চিচিটিভি ফুটেজত সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰিছে আৰক্ষীয়ে । এই জঘন্য ঘটনা সংঘটিত হোৱাৰ পাচত চিকিৎসালয় কৰ্তৃপক্ষই সম্পূৰ্ণ ঘটনাটোৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছিল ।
ঝাৰখণ্ডত জঘন্য ঘটনা - লাতেহাৰ
ঝাৰখণ্ডৰ লাতেহাৰৰ এখন চিকিৎসালয়ত জঘন্য ঘটনা । মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাক ধৰ্ষণ অজ্ঞাত ব্যক্তিৰ । পাঁচ বছৰ পূৰ্বে লাতেহাৰত অনুৰূপ ঘটনা সংঘটিত হৈছিল । আৰক্ষীয়ে আজিলৈকে অপৰাধীক সন্ধান কৰিবলৈ ব্যৰ্থ হয় ।
![ঝাৰখণ্ডত জঘন্য ঘটনা ঝাৰখণ্ডত জঘন্য ঘটনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11182763-359-11182763-1616848394373.jpg)
ঝাৰখণ্ডত জঘন্য ঘটনা
সম্প্ৰতি আৰক্ষীয়ে গোচৰটোৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । ইফালে, চিকিৎসালয় কৰ্তৃপক্ষই ভুক্তভোগীৰ চিকিৎসা পৰীক্ষা সমাপ্ত কৰিছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, প্ৰায় পাঁচ বছৰ পূৰ্বে লাতেহাৰত অনুৰূপ ঘটনা সংঘটিত হৈছিল । আৰক্ষীয়ে আজিলৈকে অপৰাধীক সন্ধান কৰিবলৈ ব্যৰ্থ হয় ।
লগতে পঢ়ক: দুই হত্যাকাৰীক মৃত্যুদণ্ডৰ শাস্তি উত্তৰ ত্ৰিপুৰা জিলা আৰু সত্ৰ ন্যায়ালয়ৰ