মৰাণ, 13 জানুৱাৰী:পতি-পত্নীৰ সম্পৰ্ক ওৰেটো জীৱনৰ, বিশ্বাসেই হৈছে এই সম্পৰ্কৰ চালিকা শক্তি ৷ এই বিশ্বাসকে আহিলা কৰি হাতত হাত ধৰি আগবাঢ়ে এই সম্পৰ্ক ৷ জীৱন যুদ্ধৰ প্ৰতিটো ঘাত-প্ৰতিঘাতত একেলগে যুঁজাৰ বাবে সমাজৰ আগত পণ লৈ সেয়ে দৰা কইনাই আৰম্ভ কৰে জীৱনৰ এটা নতুন অধ্যায় ৷
কিন্তু, এই সম্পৰ্কত আউল লগাবলৈ এটা সৰু ভুলো কেতিয়াবা হৈ পৰিব পাৰে ডাঙৰ কাৰণ ৷ এই পৱিত্ৰ সম্পৰ্ক একোটা ভুলৰ বাবেই অথবা বিশ্বাসলৈ নামি অহা একোটা প্ৰশ্নৰ পিছত বিসাক্ত হৈ পৰে ৷ এনে এক ঘটনাই সংঘটিত হ’ল চৰাইদেউ জিলাৰ অসম অৰুণাচল সীমান্তৰ কানু চাহ বাগিচাৰ মালা লাইনত ৷
পত্নীক আন পুৰুষৰ সৈতে অসংযত অৱস্থাত উদ্ধাৰ ( Charaideo man caught wife having extramarital affair) কৰি হিতা-হিত জ্ঞান হেৰুৱাই পেলালে এগৰাকী পতিয়ে ৷ অভিযোগ অনুসৰি, বাগিচাখনৰ ৰাজীৱ গড় (২৮) নামৰ লোকজনে নিজ পত্নীক চুবুৰীয়া ধ্ৰুৰূপ কৰ্মকাৰ (২৭) নামৰ আন এগৰাকী ব্যক্তিৰ সৈতে নিশা নিজা বাসগৃহত অসংযত অৱস্থাত প্ৰত্যক্ষ কৰাৰ পাছতেই সংঘটিত হয় এক ভয়াৱহ হত্যাকাণ্ড (Murder after husband caught wife with neighbor) ৷