বাক্সা, ২ জুন : বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙগামেলাত ২০৩ টা নিচাযুক্ত টেবলেট জব্দ । ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান চলি থকা সময়তে মঙলবাৰে নিশা তামুলপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী দীপেন কলিতাৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানৰ অন্তত এন.কে দৰংগাত আশীৰ্বাদ ফাৰ্মাচীৰ স্বত্বাধিকাৰী ইছাহক আলীক ২০৩ টা নিচাযুক্ত টেবলেট সহ আটক কৰিবলৈ সক্ষম হয় ।
বাক্সাৰ দৰঙগামেলাত ড্ৰাগছসহ এজনক আটক - সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা
তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙগামেলাত ড্ৰাগছ বিৰোধী অভিযান ৷ আশীৰ্বাদ ফাৰ্মাচীৰ স্বত্বাধিকাৰী ইছাহক আলীক ২০৩ টা নিচাযুক্ত টেবলেট সহ আটক তামুলপুৰ আৰক্ষীৰ ৷
![বাক্সাৰ দৰঙগামেলাত ড্ৰাগছসহ এজনক আটক man-arrested-with-dugs-at-darangamela](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11988622-182-11988622-1622628929536.jpg)
বাক্সাৰ দৰঙগামেলাত ড্ৰাগছসহ এজন লোক আটক
বাক্সাৰ দৰঙগামেলাত ড্ৰাগছসহ এজন লোক আটক
ইতিমধ্যে তামুলপুৰ আৰক্ষীয়ে টেবলেট সমূহ জব্দ কৰাৰ লগতে ব্যৱসায়ীজনক আটক কৰি অব্যাহত ৰাখিছে জেৰা । জেৰাৰ অন্তত আটকাধীন ইছাহক আলীক প্ৰেৰণ কৰা হয় ন্যায়িক জিম্মালৈ । অভিযানত সহযোগ কৰে দৰংগামেলা আৰু কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী ক্ৰমে দেৰচুং নাৰ্জাৰী আৰু নিলভজ্যোতি নাথ লগতে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা তথা বজৰংগ দলৰ সদস্য সকলে ।
লগতে পঢ়ক:ধুমুহাত তচনচ টীয়কৰ মধ্য ইংৰাজী বিদ্যালয়