জোনাই, ১৭ আগষ্ট : জোনাইত যোৱা ১১আগষ্ট তাৰিখে এজনী কণমানিক অপহৰণ কৰা ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতে মঙলবাৰে পুনৰ উদ্ধাৰ হৈছে এগৰাকী অপহৃত শিশু ৷ জানিব পৰা মতে, জোনাইৰ অসম-অৰুণাচল সীমান্তৰ ৰোকচিনলৈ ডিব্ৰুগড় লেপেটকটাৰ পৰা এগৰাকী ১০ বছৰীয়া শিশু অপহৰণ কৰি নিয়া হৈছিল ৷ অৰুণাচল প্ৰদেশত বিক্ৰীৰ বাবে নিয়া সময়ত সোমবাৰে নিশা ২ নং তৰাজান গাঁওৰক্ষী বাহিনীয়ে কন্যা শিশুটিক উদ্ধাৰ কৰি অৰুণাচল আৰক্ষীক গতাই দিয়ে ৷
পিছত জোনাইৰ ২ নং তৰাজান গাঁওৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰা শিশু গৰাকীক অৰুণাচল প্ৰদেশৰ ৰোকচিন আৰক্ষীৰ সহযোগত মঙলবাৰে পুৱাই জোনাই আৰক্ষীক গতাই দিয়া হয় ৷ গাঁওৰক্ষী বাহিনীয়ে জনোৱা মতে, সোমবাৰে নিশা ডিব্ৰুগড়ৰৰ লেপেটকটা চাহ বাগানৰ পৰা অজ্ঞাত ব্যক্তিয়ে অপহৰণ কৰি নিছিল কন্যা শিশু গৰাকীক ৷ অৰুণাচলত বিক্ৰীৰ বাবে নি থকা সময়ত এন্ধাৰ হোৱাত জোনাই সীমান্তৰ অৰুণাচলৰ ৰোকচিনৰ এঘৰ মানুহৰ ঘৰত নিশা কটাবৰ বাবে অপহৰণকাৰীয়ে আশ্ৰয় বিচাৰে ৷