নেশ্বনেল ডেস্ক, 19 আগষ্ট :চিবিআইয়ে(Central Bureau of Investigation ) মুম্বাইৰ বিশেষ আদালত(special court in Mumbai)ক জনাইছে যে, তেওঁলোকে এই সপ্তাহৰ আৰম্ভণিতে শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰৰ তদন্ত বন্ধ কৰিব । আদালতৰ সন্মুখত দাখিল কৰা এক লিখিত আবেদনত চিবিআইয়ে কয় যে, তেওঁলোকে গোচৰটোৰ তদন্ত বন্ধ কৰিব । মঙলবাৰে, আদালতে ইয়াৰ ৰোজনামা(Daily order)ত এই কথা উল্লেখ কৰিছে ।
চিবিআইয়ে মুম্বাই আৰক্ষীৰ পৰা গোচৰটো গ্ৰহণ কৰাৰ পিছত ২০১৫ চনৰ পৰা শ্বীনা বৰা হত্যা(Sheena Bora murder case )ৰ তদন্ত কৰি আছিল । মুম্বাই আৰক্ষী(Mumbai police)য়ে পঞ্জীয়ন কৰা গোচৰ অনুসৰি, শ্বীনা বৰাক ২০১২ চনৰ এপ্ৰিলত শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল । মুঠ চাৰিজন লোকক এই গোচৰটোত অভিযুক্ত কৰা হৈছিল, যাৰ ভিতৰত আছিল ইন্দ্ৰাণী মুখাৰ্জী(Indrani Mukherjea) আৰু তেওঁৰ স্বামী পিটাৰ মুখাৰ্জী(Peter Mukherjea) ।
পিছত, গোচৰটো চিবিআইলৈ স্থানান্তৰ কৰা হয়, যিয়ে চাৰিজন অভিযুক্তৰ বিৰুদ্ধে এই গোচৰত একাধিক অভিযোগপত্ৰ দাখিল কৰিছিল । ছয় বছৰৰ তদন্ত আৰু কমেও পাঁচখন অভিযোগপত্ৰ আৰু পৰিপূৰক অভিযোগপত্ৰৰ পিছত, চিবিআইয়ে এতিয়া বিশেষ আদালতক জনাইছে যে তেওঁলোকে এই গোচৰটোৰ আৰু অধিক তদন্ত নকৰে ।
২০১৭ চনত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত প্ৰায় ৬০ জন সাক্ষীয়ে এতিয়ালৈকে তেওঁলোকৰ বিবৃতি লিখিত ৰূপত দাখিল কৰিছে । ইন্দ্ৰাণী আৰু পিটাৰ মুখাৰ্জীৰ উপৰিও সঞ্জীৱ খান্না (ইন্দ্ৰাণীৰ প্ৰাক্তন স্বামী), আৰু শ্যামবৰ ৰায় (ইন্দ্ৰাণীৰ চালক) এই গোচৰটোত অভিযুক্ত । ২০১৫ চনৰ আগষ্টত আন এটা গোচৰত ইন্দ্ৰাণীৰ চালক শ্যামবৰ ৰায়ক গ্ৰেপ্তাৰ কৰাৰ পিছত এই গোচৰটো প্ৰথম পোহৰলৈ আহিছিল ।