অসম

assam

ETV Bharat / crime

ৰঙিয়াত দ্ৰুত হাৰত ক'ভিড-১৯ ৰ সংক্ৰমণ

ৰঙিয়া মাণ্ডলিক ৰে’ল প্ৰৱন্ধকৰ অধীনৰ ৰঙিয়াৰ কেন্দ্ৰীয় বিদ্যালয়ত ক'ভিড-19ৰ সংক্ৰমণ ৷ ক'ভিড-19ৰ উপস্থিতি ধৰা পৰাৰ লগে লগে স্বাস্থ্য বিভাগৰ দ্বাৰা বিদ্যালয়খনৰ আটাইকেইগৰাকী ক'ভিড সংক্ৰমণ হোৱা ছাত্ৰ-ছাত্ৰীক চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।

increase-covid-19-cases-at-rangia
ৰঙিয়াত দ্ৰুত হাৰত ক'ভিড-১৯ ৰ সংক্ৰমণ

By

Published : Nov 10, 2021, 1:27 PM IST

ৰঙিয়া, 10 নৱেম্বৰ : ৰাজ্যত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ক'ভিড-19 ৰ সংক্ৰমণ । ইতিমধ্যে ৰাজ্যৰ কেইবাখনো শিক্ষানুষ্ঠানত বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে । সমান্তৰালভাৱে ৰঙিয়াতো দ্ৰুত হাৰত বৃদ্ধি পাইছে ক'ভিড-19ৰ সংক্ৰমণ ৷

ৰঙিয়াত দ্ৰুত হাৰত ক'ভিড-১৯ ৰ সংক্ৰমণ

ইফালে ৰঙিয়া মাণ্ডলিক ৰে’ল প্ৰৱন্ধকৰ অধীনৰ ৰঙিয়াৰ কেন্দ্ৰীয় বিদ্যালয়ত ক'ভিড-19ৰ সংক্ৰমণৰ ঘটনাক লৈ এক হাহাকাৰ মুখৰ পৰিস্থিতিৰ সৃষ্টি হয় । কিয়নো বিদ্যালয়খনৰ সাত গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ দেহত ক'ভিড-19ৰ অৱস্থিতি ধৰা পৰে । বিদ্যালয় কতৃপক্ষই উপস্থিত থকা ছাত্ৰ-ছাত্ৰী সকলক ক'ভিডৰ পৰীক্ষা কৰোৱাৰ সময়তে সাতগৰাকী শিক্ষাৰ্থীৰ দেহত ক'ভিড-19ৰ উপস্থিতি ধৰা পৰে বুলি জানিব পৰা গৈছে ৷

ক'ভিড-19ৰ উপস্থিতি ধৰা পৰাৰ লগে লগে স্বাস্থ্য বিভাগৰ দ্বাৰা বিদ্যালয়খনৰ আটাইকেইগৰাকী ক'ভিড সংক্ৰমণ হোৱা ছাত্ৰ-ছাত্ৰীক চিকিৎসালয়লৈ লৈ যোৱা হয় । ফলত চিন্তিত হৈ পৰে কেন্দ্ৰীয় বিদ্যালয় কতৃপক্ষ ৷ সেয়ে সম্পূৰ্ণ বিদ্যালয়ৰ চৌহদ চেনিটাইজ কৰি বিজাণুমুক্ত কৰে । অৱশ্যে বিদ্যালয় কতৃপক্ষই পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া এতিয়াও সদৰি কৰা নাই ।

লগতে পঢ়ক :মৃত্যুৰ ওচৰত হাৰ মানিলে ৰাজকন্যাই খুন্দিয়াই ঘূণীয়া কৰা যোছেফ মাৰাকে

ABOUT THE AUTHOR

...view details