বৰপেটা, 19 জুলাই : সমগ্ৰ ৰাজ্যখনতেই ড্ৰাগছ( Drugs) তথা নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ সমান্তৰালকৈ বৰপেটা জিলাতো অবৈধ চুলাই তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সস্তম হৈ পৰিছে বৰপেটাৰ আৰক্ষী তথা আবকাৰী বিভাগ (Excise Department) ৷ দেওবাৰেও অবৈধ চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগে এটা অভিযান চলায় ৷ বৰপেটাৰ জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে দেওবাৰে জিলাখনৰ শুভা, গৰেট্টাৰী, বহৰি ৰিজাৰ্ভ গাঁৱৰ লগতে বৰপেটা চহৰৰ ৰায়তপাৰা, জেইল ৰোড আদি বিভিন্ন স্থানত আবকাৰী বিভাগে অভিযান চলায় ৷
উক্ত অভিযানত অঞ্চলসমূহৰ পৰা কেবাটাও অবৈধ চুলাই ঘাটি উচ্ছেদ কৰাৰ লগতে শ শ লিটাৰ অবৈধ চুলাই নষ্ট কৰে আৰক্ষীয় তথা আবকাৰী বিভাগে ৷ ইফালে, আবকাৰী বিভাগৰ অধীক্ষক আৰু উপ অধীক্ষকৰ নেতৃত্বত চলা এই অভিযানত চুলাইত ব্যৱহৃত প্ৰায় ৩ হাজাৰ কিলোগ্ৰাম কেঁচামালৰ লগতে বিভিন্ন সা-সামগ্ৰী ভাঙি নষ্ট কৰা হয় ৷ অৱশ্যে এই অভিযানত কোনো লোকক আটক কৰা নাই আবকাৰী বিভাগৰ দলটোৱে ৷