অসম

assam

ETV Bharat / crime

তামোল-পাণৰ পৰিৱৰ্তে বাৰীত ওলাইছে চুলাই মদ - বোকাখাত মহকুমা প্ৰশাসন

গ্ৰাম্যাঞ্চলৰ বাৰী সমূহত সাধাৰণতে কি পোৱা যায় বুলিলে প্ৰথমেই আমাৰ মনলৈ আহে তামোল-পাণ, কলগছ, শাপ-পাচলি আদিৰ কথা ৷ কিন্তু এখন গাঁৱৰ বাৰীত এইসমূহৰ পৰিৱৰ্তে ওলাইছে লিটাৰে লিটাৰে চুলাই ৷ চুলাইৰ গেলন উদ্ধাৰ কৰি ভাগৰি পৰিছে আৰক্ষী আৰু আবকাৰী বিভাগো ৷

Illegal liqueur Seized By Police At Bokakhat, Golaghat District
বোকাখাতত অবৈধ চুলাই ঘাটিত লিটাৰে লিটাৰে চুলাই নষ্ট

By

Published : Jul 12, 2021, 5:19 PM IST

বোকাখাত, 12 জুলাই : বিভিন্ন জিলাৰ সমান্তৰালকৈ গোলাঘাট জিলাতো ড্ৰাগছ (Drugs) তথা নিচা জাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে গোলাঘাট আৰক্ষীয়ে (Golaghat Police) ৷ শনিবাৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বোকাখাতত চুলাই মদৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ হ'বলৈ নিৰ্দেশ দিয়াৰ পাছতেই অবৈধ চুলাই তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সষ্টম হৈ পৰে আৰক্ষী-প্ৰশাসন ৷ দেওবাৰে বোকাখাত মহকুমাধিপতিৰ নেতৃত্বত আবকাৰী বিভাগৰ সহযোগত অবৈধ চুলাই মদৰ বিৰুদ্ধে চলোৱা হয় এক অভিযান ৷

আৰক্ষীৰ অভিযানত বোকাখাতৰ খতিয়াখলি ভূঞা গাঁৱত শ-শ লিটাৰ চুলাই মদ জব্দ কৰাৰ লগতে চুলাই মদ প্ৰস্তুত কৰা বহু সা- সামগ্ৰী নষ্ট কৰে । ইয়াৰোপৰি, কুৰুৱাবাহী অঞ্চলৰ খতিয়াখলি, ভূঞা গাঁও, নিকৰি, যুগল গাঁৱকে আদি বহু কেইখন গাঁৱতো আৰক্ষীয়ে চলাই অভিযান ৷ এই অভিযানত বহু লোকৰ তামোল-পান বাৰীৰ পৰা জব্দ কৰে শ-শ লিটাৰ চুলাই মদ । লকডাউনৰ (lockdown) মাজতো বৃহত্তৰ অঞ্চলটোত অসাধু চক্ৰই চুলাই মদৰ ৰমৰমীয়া বেহা চলাই আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷

বোকাখাতত অবৈধ চুলাই ঘাটিত লিটাৰে লিটাৰে চুলাই নষ্ট

অকল সেয়াই নহয় ক'ভিডৰ নীতি নিয়ম ভংগ কৰি জনসাধাৰণৰ মাজত ক'ভিডৰ সংক্ৰমন ঘটোৱা পৰিলক্ষিত হৈছে । বোকাখাত মহকুমা প্ৰশাসনে দেওবাৰৰ পৰা বোকাখাতত চুলাই মদৰ বিৰুদ্ধে অভিযান আৰু অধিক তীব্ৰতৰ কৰাৰ কথা ঘোষণা কৰিছে আৰক্ষীয়ে । ইয়াৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব ৷ কোনো কাৰণতে চুলাই মদ তথা নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰী এজনো সাৰি যাব নোৱাৰিব বুলি সকীয়াই দিয়ে আৰক্ষীয়ে ৷

ইয়াৰ সমান্তৰালকৈ এক গোপন সূত্ৰৰ পম খেদি দেওবাৰে গোলাঘাট জিলাৰ ধনশিৰি মহকুমা আৰক্ষীয়ে অবৈধ চুলাই মদৰ বিৰুদ্ধে এটা অভিযান চলায় ৷ আৰক্ষীৰ অভিযানত বৰপথাৰৰ সৰুপাভজান মিচিং গাঁৱত তিনিটাকৈ বৃহৎ বৃহৎ অবৈধ চুলাই মদৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয় ৷ এই চুলাই ঘাটিৰ পৰা প্ৰায় 17000 লিটাৰ অবৈধ চুলাই মদ নষ্ট কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক-40 দিনত 20 বাৰ গুলীচালনা: অসম আৰক্ষীৰ বিৰুদ্ধে "ভূৱা এনকাউণ্টাৰ" ৰ অভিযোগ

ABOUT THE AUTHOR

...view details