অসম

assam

ETV Bharat / crime

বিশ্বনাথত অবৈধ চুলাই ঘাটিত লিটাৰে লিটাৰে চুলাই নষ্ট

অবৈধ চুলাইৰ বিৰুদ্ধে বিশ্বনাথত অব্যাহত আছে আবকাৰী বিভাগৰ (Excise Department) অভিযান ৷ বৃহস্পতিবাৰেও আবকাৰী বিভাগে (Excise department) চলোৱা এটা অভিযানত শ শ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে উচ্ছেদ কৰে কেইবাটাও চুলাই ঘাটি ৷

as_biswanath_801_Illegal liqueur damaged By Excise department At Biswanath District_as10018_IMG
বিশ্বনাথত অবৈধ চুলাই ঘাটিত লিটাৰে লিটাৰে চুলাই নষ্ট

By

Published : Jul 16, 2021, 7:12 AM IST

বিশ্বনাথ,16 জুলাই : বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই ড্ৰাগছ (DRUGS) তথা নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ পাছতেই তৎপৰে হৈ পৰিছে বিশ্বনাথৰ আবকাৰী বিভাগৰ (Biswanath Excise Department) লগতে আৰক্ষী ৷ অবৈধ চুলাইৰ বিৰুদ্ধে জিলাখনৰ বিভিন্ন স্থানত আবকাৰী বিভাগে বৃহস্পতিবাৰে অভিযান চলায় ৷ উক্ত অভিযানত শ শ লিটাৰ চুলাই মদ নষ্ট কৰা লগতে বহু কেইটা চুলাই ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে আবকাৰী দলটোৱে ।

বৃহস্পতিবাৰে বিশ্বনাথ জিলা প্ৰশাসনৰ নিৰ্দেশত বিশ্বনাথ মহকুমা আবকাৰী পৰিদৰ্শক শৰৎ তিমুং, বিহালী চাৰ্কোলৰ পৰিদৰ্শক দেবেশ্বৰ সন্দিকৈৰ নেতৃত্বত এই অভিযান চলোৱা হয় ৷ বিশ্বনাথৰ গলিয়া, বহুবজাৰ, মিজিকাকে ধৰি বিভিন্ন অঞ্চলত অভিযান চলাই কেইবা শ লিটাৰ চুলাই মদ নষ্ট কৰাৰ লগতে বহু কেইটা চুলাই ঘাটি উৎখাত কৰে আবকাৰী দলটোৱে । ইতিমধ্যে জিলাখনত লাখ লাখ টকাৰ ড্ৰাগছ জব্দ (Drugs Seized) কৰাৰ লগতে কেইবাজনো ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰো (Arrest) কৰিছে আৰক্ষীয়ে ৷ অকল সেয়াই নহয়, জিলাখনৰ বিভিন্ন স্থানত বহু কেইটা অবৈধ চুলাই ঘাটি উচ্ছেদ কৰাৰ লগতে আটক হৈছে বহু কেইজন অবৈধ সুৰা সৰবৰাহকাৰী ৷

বিশ্বনাথত অবৈধ চুলাই ঘাটিত লিটাৰে লিটাৰে চুলাই নষ্ট

যেতিয়ালৈ জিলাখনত এই অবৈধ চুলাই মদ সৰবৰাহ হৈ থাকিব তেতিয়ালৈ ইয়াৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব বুলি মন্তব্য কৰে আবকাৰী বিষয়া শৰৎ তিমুঙে। এই অবৈধ চুলাইৰ সৈতে যিসকল লোক জড়িত আছে তেওঁলোকৰ কোনো সাৰি যাব নোৱাৰিব বুলি সকীয়াই দিয়ে আবকাৰী বিষয়াগৰাকীয়ে ৷

ঠিক একেদৰে, বুধবাৰে দুটা পৃথক অভিযানত কলিয়াবৰ আৰক্ষী(Kalibor Police)এ দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ দেশীয় সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয় ৷ কলিয়াবৰ আৰক্ষী (Kalibor Police)এ ক’ভিড নিৰ্দেশনা ভংগকাৰীৰ বিৰুদ্ধে চলোৱা নিয়মীয়া তালাচী অভিযানৰ সময়ত ড্ৰাগছ ব্যৱসায়ী দুটা ধৰা পৰে ৷ ড্ৰাগছ ব্যৱসায়ী দুটাৰ পৰা আৰক্ষী(Kalibor Police)এ নগদ ৯৫,২৮০ টকা জব্দ কৰাৰ লগতে এ এচ ১২ ৱাই ৯৬৯৪ নম্বৰৰ এখন কে. টি. এম. মটৰচাইকেল জব্দ কৰে । ধৃত ড্ৰাগছ ব্যৱসায়ী দুটা ক্ৰমে শিৱস্থান গৰুমৰাৰ নবিৰ হুছেইন আৰু কুহুমতলিৰ মহবৰ আলী ওৰফে দিলদাৰ হুছেইন বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক-ডিব্ৰুগড়ত পোহৰলৈ আহিছে দ্বিতীয়টো কিডনী বিক্ৰীৰ ঘটনা

ABOUT THE AUTHOR

...view details