নিউজ ডেস্ক, 16 জানুৱাৰী :যেতিয়াৰে পৰা ড৹ হিমন্ত বিশ্ব শৰ্মা দিশপুৰৰ মছনদত অধিস্থিত হৈছে সলনি হৈছে ৰাজ্যৰ আৰক্ষী বিভাগৰ ছবি (Assam police in CM Himanta's tenure) ৷ ড্ৰাগছ, গৰুৰ চোৰাং বেহা য’তেই অপৰাধ সংঘটিত হৈছে জপিয়াই পৰিছে অসম আৰক্ষী ৷ কেৱল সিমানেই নে ? মাটিৰ দালালি বন্ধ কৰিব লাগে মুখ্যমন্ত্ৰীৰ মুখৰ পৰা ওলোৱাৰ লগে লগেই আৰক্ষী বিভাগে গ্ৰেপ্তাৰ কৰিলে বহু মাটিৰ দালালক ৷
এইবাৰ পুনৰ অসম আৰক্ষীয়ে আৰম্ভ কৰিছে দালাল বিৰোধী অভিযান (Assam police on mission against illegal brokers) ৷ ৰাজ্যৰ আৰক্ষী থানাসমূহত এজাহাৰ লিখাৰ নামত দালালি কৰাসকলৰ ওপৰত শনিবাৰে নিশা চলিল আৰক্ষীৰ অভিযান (Illegal brokers arrested from different districts in Assam) ৷
একে নিশাই আৰক্ষীয়ে এইদৰে এজাহাৰ লিখাৰ নামত দালালি কৰা মুঠ ২৪২ গৰাকী লোকক আটক কৰাৰ তথ্য ৰাজহুৱা কৰিলে খোদ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta reacts on arrest of illegal brokers) ৷