অসম

assam

By

Published : Feb 3, 2021, 6:49 PM IST

Updated : Feb 3, 2021, 9:40 PM IST

ETV Bharat / crime

বিটিচিত উদ্ধাৰ অবৈধ অস্ত্ৰৰ বৃহৎ ভাণ্ডাৰ

বিটিচিত অবৈধ অস্ত্ৰ উদ্ধাৰ হোৱাটো কোনো নতুন কথা নহয় ৷ কিন্তু এইবাৰ খোদ কোকৰাঝাৰ চহৰৰ পৰা কিছু নিলগতে উদ্ধাৰ হৈছে বৃহৎ অস্ত্ৰ ভাণ্ডাৰ ৷

বিটিচিত উদ্ধাৰ অবৈধ অস্ত্ৰৰ বৃহৎ ভাণ্ডাৰ
বিটিচিত উদ্ধাৰ অবৈধ অস্ত্ৰৰ বৃহৎ ভাণ্ডাৰ

কোকৰাঝাৰ ৩ ফেব্ৰুৱাৰী :বিটিআৰৰ সদৰ কোকৰাঝাৰত অব্যাহত আছে আৰক্ষীৰ অবৈধ অস্ত্ৰ বিৰোধী অভিযান ৷ মঙলবাৰে নিশা আৰক্ষীয়ে পুনৰ বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ শৰাইবিল অঞ্চলত আৰক্ষীয়ে অভিযান চলাই এখন স্কৰপিঅ’ গাড়ীৰ পৰা বহু সংখ্যক অত্যাধুনিক মাৰণাস্ত্ৰসহ এই বৃহৎ পৰিমানৰ অস্ত্ৰভাণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷

উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰখিনি

লগতে পঢ়ক :নিৰ্বাচনৰ পূৰ্বে বিটিচিত অবৈধ অস্ত্ৰৰ ঝনঝননি

ইয়াৰ লগতে আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত ছয় জন লোককো আটক কৰিবলৈ সক্ষম হৈছে ৷ শৰাইবিল আৰক্ষীৰ দলে জব্দ কৰা বৃহৎ অস্ত্ৰ ভাণ্ডাৰৰ ভিতৰত আছে AK 56 ৰাইফল 5 টা, HK 33 E ৰাইফল এটা, চাইনিজ হেণ্ড গ্ৰেনেড 8 টা, ইউবিজিএল (গ্ৰেনেড লাঞ্চাৰ) এটা, AK 56 ৰাইফলৰ মেগজিন 8টা, HK 33 Eৰ মেগজিন এটা, ইউবিজিএলৰ ছেল 11টা, AK 56 ৰাইফলৰ তিনিশ জাঁই সজীৱ গুলী, বিপি পাউচ, মোবাইল হেণ্ডচেট 5 টা, কম্বল, প্লাষ্টিক, বেগ, মেডিচিন ইত্যাদি ৷

উদ্ধাৰ হোৱা অস্ত্ৰ সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ মন্তব্য

কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে বুধবাৰে বিয়লি এক সংবাদমেল সম্বোধন কৰি অস্ত্ৰ ভাণ্ডাৰ জব্দ সন্দৰ্ভত তথ্য় সদৰী কৰে ৷ দৰাচলতে মঙলবাৰে নিশাৰ ভাগত বিশাল অস্ত্ৰ-শস্ত্ৰ সহিতে দুষ্কৃতিকাৰীৰ দল এটাই জিলাখনৰ গোসাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত চৰাইবিল এলেকাৰ নাশ্ৰাইবিলত ঘূৰি ফুৰাৰ গোপন সূত্ৰে তথ্য লাভ কৰিছিল আৰক্ষীয়ে ।পৰৱৰ্তী সময়ত চৰাইবিল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মিথুন টায়েৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে তালাচী অভিযান আৰম্ভ কৰে ।

AK 56ৰ সজীৱ গুলিসমূহ

আৰক্ষীৰ তালাচীত AS 16 A 4165 নম্বৰৰ স্কৰপিঅ' গাড়ীৰ পৰা উল্লেখিত বৃহৎ অস্ত্ৰ ভাণ্ডাৰখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ তদুপৰি বিশাল অস্ত্ৰভাণ্ডাৰৰ সৰবৰাহৰ সতে জড়িত ছজন লোককো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে । আটকাধীন তথা অস্ত্ৰ সৰবৰাহৰ সতে জড়িত লোকসকল হ'ল ক্ৰমে কোকৰাঝাৰ বিছমুৰীৰ সন্মঞ্জয় বসুমতাৰী ওৰফে বগলা, কচুগাঁও 1নং মহেন্দ্ৰপুৰৰ ৰবিনাথ নাৰ্জাৰী ওৰফে গেন্দা, কোকৰাঝাৰ জাওলীয়াপাৰাৰ ফুংখা বসুমতাৰী ওৰফে লাংখু, মুকথাং বসুমতাৰী ওৰফে মামো, দোতমা গোপালগাঁওৰ মনিপাল মুছাহাৰী আৰু শোণিতপুৰ ঢেকীয়াজুলীৰ সৌমখৌৰ বসুমতাৰী ।

আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে উক্ত অবৈধ অস্ত্ৰ-শস্ত্ৰসমূহ প্ৰকৃততে কাৰ সেই সন্দৰ্ভত আটকাধীন লোকসকলক জেৰা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰিছে । বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিআৰ এলেকা অবৈধ অস্ত্ৰমুক্ত হ’ব নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নত আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে অবৈধ অস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব আৰু বিটিআৰ নিৰ্বাচনৰ লেখিয়াকৈ বিধানসভা নিৰ্বাচনো শান্তিপূৰ্ণ হ’ব বুলি দাবী কৰিছে ।

লগতে পঢ়ক :পুনৰ কোকৰাঝাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

Last Updated : Feb 3, 2021, 9:40 PM IST

ABOUT THE AUTHOR

...view details