গুৱাহাটী, ২৬ ডিচেম্বৰ :মহানগৰীৰ মডাৰ্ণ ইংলিছ স্কুলৰ আত্মহত্যাৰ চেষ্টা চলোৱা ছাত্ৰী গৰাকীৰ অৱশেষত মৃত্যু হয় (School girl suicide case in Guwahati)। হায়াৎ হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত নিশা দুই বজাত শেষ নিশ্বাস ত্যাগ কৰে ছাত্ৰী গৰাকীয়ে । মহানগৰীৰ ওদালবাক্ৰাৰ মডাৰ্ণ ইংলিছ স্কুলত অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছিল ছাত্ৰী গৰাকীয়ে । অধ্যয়নৰত বিদ্যালয়খনৰ অধ্যক্ষৰ মানসিক নিৰ্যাতন সহিব নোৱাৰি ছাত্ৰী গৰাকীয়ে এই চৰম পথ বাচি লোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ ।
উল্লেখ্য যে, বিদ্যালয় ক্ৰীড়া সমাৰোহ চলি থকাৰ মাজতে শুকুৰবাৰে দিনৰ প্ৰায় ১১.৪০ বজাত বিদ্যালয়খনৰ পঞ্চম মহলাৰ পৰা জপিয়াইছিল ছাত্ৰীগৰাকীয়ে । আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকীক ততাতৈয়াকৈ বিদ্যালয় কৰ্তৃপক্ষই হায়াৎ হাস্পতালত ভৰ্তি কৰায় । জানিব পৰা মতে, বিদ্যালয়খনৰে নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ছাত্ৰীগৰাকীৰ । যাৰ বাবে অধ্যক্ষা গৰাকীয়ে ছাত্ৰীগৰাকীক প্ৰায়েই কটু কথা শুনাইছিল ।