গুৱাহাটী, ৫ এপ্ৰিল:গুৱাহাটী মহানগৰীৰ বিলাসী ৰেছিডেন্সিত সোমবাৰে দিন-দুপৰতে সংঘটিত ডকাইতি ঘটনাৰ ২৪ ঘন্টাৰ পাৰ হ’ল (Robbery in Guwahati)। মহানগৰ স্মাৰ্ট আৰক্ষীয়ে(Guwahati city police) এই পয্যন্ত ঘটনাৰ কোনো শুংসূত্ৰ লাভ কৰা নাই । পল্টনবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত ছাত্ৰীবাৰীৰ এইচএচৰোডৰ বিলাসী কিৰণশ্ৰী ৰেচিডেন্সিত সোমবাৰে সংঘটিত হৈছিল দিন ডকাইতি ঘটনা ।
ইফালে ঘটনা সন্দৰ্ভত পল্টনবজাৰ আৰক্ষী থানাত ভুক্তভোগী গৌতম চাজেৰে দাখিল কৰিছে এজাহাৰ । এজাহাৰ ভিত্তিত ১৮৬/২২ নম্বৰত গোচৰ ৰুজু কৰি তদন্তৰ আৰম্ভ কৰিছে আৰক্ষীয়ে । চিচিটিভিত বন্দী হোৱা দৃশ্যৰ ভিত্তিত তদন্ত চলাই থকা আৰক্ষীয়ে এই পর্যন্ত দুৰ্বৃত্তক চিনাক্ত কৰিব পৰা নাই । তাপৰ্যপূৰ্ণ কথা যে ৰেছিডেন্সিটোত নিয়োজিত চিকিউৰিটিয়ে চাৰিজনীয় দুৰ্বৃত্ত দলটোৰ এগৰাকীক কেইদিনমান পূৰ্বে সেই স্থানত দেখিছিল বুলিও আৰক্ষীক অৱগত কৰিছে । অৰ্থাৎ ডকাইতৰ দলটোৰ এটা দুৰ্বৃত্ত ৰেছিডেন্সিটোলৈ পূৰ্বতেও আহিছিল ৷ এই কথা জনাইছে তদন্তকাৰী আৰক্ষীয়ে ।